সমগ্ৰ ভাৰতবৰ্ষত সোমনাথ জ্যোতিৰ্লিংগৰ দিব্য পুনৰুত্থান

চন্দ্ৰদেৱে নিজ হাতেৰে গঢ়ি তোলা ভাৰতবৰ্ষৰ ১২ অন্য জ্যোতিলিংগ ভিতৰত অন্যতম জ্যোতিলিংগ হৈছে দৈৱিক সোমনাথ জ্যোতিলিংগ ।

author-image
Asomiya Pratidin
New Update
489

ডিজিটেল সংবাদ, লামডিং : চন্দ্ৰদেৱে নিজ হাতেৰে গঢ়ি তোলা ভাৰতবৰ্ষৰ ১২ অন্য জ্যোতিলিংগ ভিতৰত অন্যতম জ্যোতিলিংগ হৈছে দৈৱিক সোমনাথ জ্যোতিলিংগ । যোৱা এহেজাৰ বছৰ ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ধৰ্ম শ্ৰদ্ধা আৰু গভীৰ ভক্তিৰে সংৰক্ষন কৰি ৰখা এই পৱিত্ৰ অৱশিষ্ট সমূহ আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ বি টাইপ প্ৰেক্ষাগৃহত দৰ্শনৰ বাবে অস্থায়ীভাৱে অনা হৈছে ।

WhatsApp Image 2025-12-18 at 3.55.46 PM

শ্ৰীশ্ৰী ৰবি শংকৰ হিন্দু ভক্তিৰ জাগৰণ আৰু এই পৱিত্ৰ মুহূৰ্তৰ দিশ দৰ্শক হিচাপে যোৱা ৮ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ সমগ্র ভাৰতবৰ্ষৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই ভক্তিৰ যাত্ৰা আৰম্ভ হয় । ডিফু, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী, শ্বিলংকে ধৰি গুৱাহাটীত এই পৱিত্ৰ যাত্ৰা আৰম্ভ হয় ।

আই আই টিৰ বৈজ্ঞানিক ড০ গৌৰৱ ত্ৰিবেদীৰ উদ্যোগত জ্যোতিলিংগৰ অংশ লৈ তিনিগৰাকী  উত্তৰ পূৰ্বাঞ্চল তথা অসম যাত্ৰা কৰা তিনি গৰাকী পণ্ডিতে এই পূজা ভাগ কৰে প্ৰেক্ষাগৃহত । সোমনাথ জ্যোতিলিংগৰ পৱিত্ৰ অংশ সমূহ হাজাৰ বছৰৰ পিছত পুনৰ প্ৰকাশিত হোৱাটোৱে কেৱল মাত্ৰ ইতিহাসে নহয় ভক্তিৰ বিষয়েও সোঁৱৰাই দিছে ।

WhatsApp Image 2025-12-18 at 3.55.47 PM

এই পুনৰুত্থান জনসাধাৰণৰ মাজত সনাতন ধৰ্মৰ বিশ্বাস আৰু নীতিসমূহ পুনৰ জাগ্ৰত কৰি তুলিব তথা ভাৰতবৰ্ষৰ আধ্যাত্মিক হৃদয়ত অমৰ হৈ জিলিকি ৰৱ বুলি মন্তব্য কৰে । আজি এই পূজাত ভাগত অংশগ্ৰহন কৰি ওচৰৰ পৰা দৰ্শন কৰিব পায় আনন্দিত হৈ পৰিছে শিক্ষাৰ্থী সকল ।

আনফালে ড০ গৌৰৱ ‍ত্ৰিবেদীৰ এই মহৎ উদ্দেশ্যেৰ বাবেই শলাগ লৈছে কৰ্মকৰ্তাসকলে । জ্যোতিৰ্লিংগ লৈ অনা পণ্ডিতসকল হৈছে ক্ৰমে- ব্ৰহ্মচাৰী শিৱ প্ৰকাশজী, আচাৰ্য শ্ৰীধৰ কুমাৰ ৰথ আৰু আচাৰ্য আশুতোষ মহাপাত্ৰ।

লামডিং