/asomiyapratidin/media/media_files/2025/12/30/sddsdsd-2025-12-30-10-36-37.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ তৎপৰতা আৰু গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত গহপুৰ পোৰসভাই এক নতুন গতি লাভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন অভিলাষী আঁচনিৰ সংযোজনেৰে গহপুৰ পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডক নতুনত্ব প্ৰদান কৰিবলৈ বিশেষ উদ্যোগ লোৱা পৌৰপতি অতুল বৰাই বিজ্ঞান সন্মত ভাবে জাবৰ নিস্কাষনৰ ওপৰত গুৰুত্ব দি এক নতুন ব্যয়বহুল আঁচনি ৰূপায়নৰ দিহা কৰিছে।
সেই অনুসৰি, গহপুৰ পৌৰসভাৰ এক নং ৱাৰ্ডৰ ধেনুধৰাত স্বচ্ছ ভাৰত মিছন (নগৰীয়া) ২.০ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ টাইড অনুদানৰ অধীনৰ পুঁজিৰে কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প (উপাদান উদ্ধাৰ সুবিধা) সম্প্ৰসাৰণৰ এক অভিলাষী আঁচনিৰ সোমবাৰে শুভাৰম্ভ কৰা হয়।গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই শুভাৰম্ভ কৰে উক্ত আঁচনিৰ। এম আৰ এফ প্ৰজেক্টৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া উক্ত আঁচনিৰ অকাৰিকৰী শিতানত এক কোটি ৯ লাখ ১০ হাজাৰ টকা ধাৰ্য্য কৰা হৈছে।
পৰবৰ্তী পৰ্য্যায়ত কাৰিকৰী শিতানত পুনৰ নিবিদা আহ্বান কৰি পুঁজি আবণ্টন কৰা হ'ব বুলি বিধায়ক উৎপল বৰাই জানিবলৈ দিছে। এই শুভ উদ্বোধনী অনুষ্ঠানত গহপুৰ পৌৰ সভাৰ চেয়াৰমেন অতুল বৰা, গহপুৰ মহকুমাৰ অবিচি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ নোমল বৰুৱা,গহপুৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া পুজা কুমাৰী,ৱার্ড কমিছনাৰ আৰু স্থানীয় ৰাইজ উপস্থিতি থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-2025-12-30-10-36-53.jpeg)
ইফালে, বিধায়ক উৎপল বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে অসম মালা আঁচনিৰ অধীনত গহপুৰ নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ধেনুধৰা হৈ হাৱাজানলৈকে ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথটো টু-লেন পথলৈ সম্প্ৰসাৰিত হ'ব। ইয়াৰ বাবে ৮০ কোটি টকা আবণ্টন হৈছে।
তদুপৰি গহপুৰ-নুমলীগড় সংযোগী টানেলৰ কামৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি পূৰ্ণ গতিত চলি থকাৰ কথা উল্লেখ কৰি উৎপল বৰাই কয় যে উক্ত টানেলৰ আধাৰশিলা স্থাপনৰ বাবে অহা ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী গহপুৰলৈ অহাৰ গুণা-গঁথা চলি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us