/asomiyapratidin/media/media_files/2026/01/22/new-ap-w-2026-01-22-15-35-58.jpeg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডোডা জিলাত সেনা বাহিনীৰ এখন বাহন বাগৰি পৰে দ’ খাৱৈত। এই দুৰ্ঘটনাত ১০গৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো জোৱান।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভদ্ৰৱাহ-ছাঁবা সংযোগী পথত খানটোপ এলেকাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে দ’ খাৱৈত। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাহনখনত আছিল ১৭জনকৈ জোৱান।
সেনাৰ বাহনখন দ’ খাৱৈত বাগৰি পৰাৰ পাছতে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয় উক্ত স্থানত। উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰাৰ পাছত হাস্পতাললৈ প্ৰেৰণ কৰে।
ইফালে, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্ট কৰি গভীৰ শোক প্ৰকাশ কৰে। নিহত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us