/asomiyapratidin/media/media_files/2025/03/22/OpCnsAlpiRqdQBEP8QSe.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তত সক্ৰিয় হৈ পৰিছে চোৰাং কাঠ বেপাৰী। বন বিভাগ আৰু আৰক্ষীৰ নিধিৰাম চৰ্দাৰৰূপী ভূমিকাৰ বাবে মূল্যবান গছ কাটি তহিলং কৰিছে চোৰাং কাঠ বেপাৰীয়ে।
বিশেষকৈ চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চল আৰু অৰুণাচল প্ৰদেশৰ পাহাৰৰ গছ কাটি গহপুৰৰ উত্তৰাঞ্চলত এতিয়া চোৰাং কাঠৰ অবৈধ বেপাৰ চলাইছে একাংশ বন মাফিয়াই।গহপুৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ ককিলা মাজগাঁৱৰ দুই বন মাফিয়া দেৱজিৎ বসুমতাৰী আৰু চাহেব নাৰ্জাৰীৰ নেতৃত্বত দীৰ্ঘদিন ধৰি অব্যাহত থকা চোৰাং কাঠ বেপাৰে নি:শেষ কৰি তুলিছে বহু মুল্যবান গছৰ অস্তিত্ব।
উক্ত দুই বন মাফিয়াৰ এই অবাধ কাৰবাৰৰ বিষয়ে ৰহস্যজনকভাবে নীৰৱতা অৱলম্বন কৰি আহিছে গহপুৰ খণ্ড বন বিষয়াৰ কাৰ্য্যলয় আৰু গহপুৰ আৰক্ষী থানাই।কিন্তু কালি দিন বেয়া আছিল উক্ত দুই বন মাফিয়া দেৱজিৎ বসুমতাৰী আৰু চাহেব নাৰ্জাৰীৰ।
গহপুৰ খণ্ড বন বিষয়া কাৰ্য্যলয়ক কোনো ধৰণৰ খবৰ নিদিয়াকৈ ৬৫ কিলোমিটাৰ দূৰৰ বিশ্বনাথ চাৰিআলিৰ পৰা অহা বন বিভাগৰ এটা বিশেষ অভিযানকাৰী দলে দেৱজিৎ বসুমতাৰী আৰু চাহেৱ নাৰ্জাৰীৰ ঘৰত অভিযান চলাই প্ৰায় ৫০০ চিএফটি বাটাম জব্দ কৰে।
অবৈধ ভাবে মজুত কৰি থোৱা এই বাটাম খিনি পিছত গহপুৰ খণ্ড বন বিষয়া কাৰ্য্যলয়লৈ লৈ অহা হয়।চোৰাংকৈ বিক্ৰীৰ বাবে গোপনে মজুত কৰি থোৱা হৈছিল উক্ত বাটাম সমূহ।বন বিভাগৰ অভিযানকাৰী দলটো অহাৰ উমান পাই পলায়ন কৰে দেৱজিৎ বসুমতাৰী আৰু চাহেৱ নাৰ্জাৰী।
পূৱ শোণিতপুৰ বন সংমণ্ডল বন প্ৰাধিকাৰী কাৰ্যালয়ৰ বন সুৰক্ষা বাহিনীৰ লগতে বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া আৰু বন সুৰক্ষা কৰ্মীৰ যুটীয়া অভিযানত জব্দ কৰা হয় বাটাম সমূহ। উল্লেখ্য যে, গহপুৰৰ উত্তৰাঞ্চলৰ ককিলাৰ পৰা চিংলীজানৰ দুলুঙলৈকে চোৰাং কাঠৰ সৰবৰাহ চলি আহিছে ।