মোলাই কাঠনিত অগ্নিসংযোগ কৰা দুস্কৃতিকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ছাত্ৰ মুক্তিৰ

অসমৰ গৌৰৱ, অৰণ্য মানৱ যাদৱ পায়েঙে জীৱনজোৰা ত্যাগ, সাহস আৰু ধৈৰ্যৰে গঢ়ি তোলা মোলাই কাঠনিত সংঘটিত অগ্নিসংযোগৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
vbhvhgvfyu

ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ গৌৰৱ, অৰণ্য মানৱ যাদৱ পায়েঙে জীৱনজোৰা ত্যাগ, সাহস আৰু ধৈৰ্যৰে গঢ়ি তোলা মোলাই কাঠনিত সংঘটিত অগ্নিসংযোগৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাকতলৈ পঠোৱা এক বিবৃতিত এই ঘটনা কোনো হঠাৎ ঘটা বা সাধাৰণ দুষ্কৃতিকাৰীৰ কাম নহয়; ইয়াৰ আঁৰত সুসংগঠিত বালি মাফিয়া আৰু বালি ছিণ্ডিকেটৰ পৰিকল্পিত ষড়যন্ত্ৰ থকাৰ সন্দেহ অত্যন্ত স্পষ্ট বুলি অভিযোগ উত্থাপন কৰিছে। 

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতি পিণ্টু গগৈয়ে কয় যে, মোলাই কাঠনি অঞ্চলত বালি খনন- ছিণ্ডিকেট কেতিয়াওঁ ৰাজনৈতিক আশীৰ্বাদ আৰু প্ৰশাসনিক সুৰক্ষা অবিহনে এনে অপৰাধ সংঘটিত হোৱাটো অসম্ভৱ। সেয়ে এই ঘটনাই চৰকাৰী ব্যৱস্থাপ্ৰণালীৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠাইছে—বালি মাফিয়াক কোনে সুৰক্ষা দি আছে?

পিণ্টু গগৈয়ে লগতে উল্লেখ কৰে যে, অৰণ্য মানৱ যাদৱ পায়েঙৰ ওপৰত বালি মাফিয়াৰ দ্বাৰা শাৰীৰিক আক্ৰমণৰ আশংকা উত্থাপিত হোৱা বিষয়টো অত্যন্ত গম্ভীৰ। এইটো কেৱল এজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰশ্ন নহয়; ই প্ৰকৃতি সংৰক্ষণ আৰু জনস্বাৰ্থৰ আন্দোলনৰ ওপৰত কৰা প্ৰত্যক্ষ আক্ৰমণ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মতে, অসম চৰকাৰ আৰু প্ৰশাসনে এই ঘটনাত তৎকালীনভাৱে হস্তক্ষেপ কৰি অগ্নিসংযোগত জড়িত দুষ্কৃতিকাৰী, বালি ছিণ্ডিকেট আৰু তেওঁলোকক সুৰক্ষা দিয়া সকলো শক্তিৰ বিৰুদ্ধে কঠোৰ, দৃষ্টান্তমূলক আৰু নিৰপেক্ষ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ মৌনতাক অপৰাধৰ প্ৰতি মৌন সন্মতি হিচাপে গণ্য কৰা হ’ব।মোলাই কাঠনি জ্বলোৱা মানে প্ৰকৃতি জ্বলোৱা, অসমবাসীৰ ভবিষ্যৎ জ্বলোৱা।এই অপৰাধক কোনো কাৰণতে সহ্য কৰা নহ’ব। প্ৰয়োজন হ’লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক একত্ৰিত কৰি প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ৰাজপথত নামিবলৈ বাধ্য হ’ব। লগতে মোলাই কাঠনি সুৰক্ষাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ দাবীত মাত মাতিবলৈ আৰু অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ প্ৰকৃতি ৰক্ষাৰ সংগ্ৰামত সকলো সচেতন নাগৰিকক একত্ৰিত হ’বলৈ আহ্বান জনাইছে সংগঠনটোৱে।

মোলাই কাঠনি