/asomiyapratidin/media/media_files/2025/10/07/1-2025-10-07-13-25-36.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ ছাত্ৰ-ছাত্ৰীক পণবন্দী কৰি বিজেপি চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহক 'অৰুণোদয়' ৩.০ আঁচনিৰ প্ৰচাৰথলীলৈ পৰিণত কৰাৰ কাৰ্যক তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে শাসনাধিষ্ট চৰকাৰক তীব্ৰ সমালোচনা কৰে।
তেওঁ কয়, ছমহীয়া পৰীক্ষা বাতিল কৰি, শিক্ষক সকলক অনা-শৈক্ষিক কামত নিয়োগ কৰি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
লগতে অৰুণোদয় আঁচনিৰ প্ৰচাৰথলী হিচাপে ব্যৱহাৰ কৰিবলৈ পঞ্চায়ত কাৰ্যালয় বা আন ৰাজহুৱা স্থান নাছিল নেকি বুলিও প্ৰশ্ন কৰি চৰকাৰখনৰ মতিভ্ৰম হৈছে বুলি কয় ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে।
উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত মঙলবাৰে অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰী সমূহক সমবেত কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।