/asomiyapratidin/media/media_files/2025/12/23/1-2025-12-23-08-19-42.jpg)
ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত দেওবাৰে অনুষ্ঠিত পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা দল ৮ উইকেটত জয়লাভ কৰে। এই মেচখনত ভাৰতীয় অ’পেনাৰ স্মৃতি মান্ধনাই ইতিহাস সৃষ্টি কৰি এক অনন্য কৃতিত্ব অৰ্জন কৰে। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত মান্ধনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/mandhana-1_1751128560-2025-12-23-08-17-52.jpeg)
উল্লেখ্য যে, মহিলা টি-২০ ফৰ্মেটত ৪০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় স্মৃতি মান্ধনা। ১৭৭ খন টি-২০ মেচত ৪৭১৬ ৰাণ সংগ্ৰহ কৰা নিউজীলেণ্ডৰ চুজি বেটছৰ পিছত এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে পৰিগণিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-image-2025-2025-12-23-08-18-31.jpeg)
অৱশ্যে মান্ধনাই এই কৃতিত্বত উপনীত হোৱাৰ ক্ষেত্ৰত চুজিতকৈ আগবাঢ়ি আছে। কাৰণ মান্ধনাই মাত্ৰ ৩২২৭টা বলত ৪০০০ ৰাণৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে বেটছৰ এই মাইলৰ খুঁটিত উপনীত হ'বলৈ প্ৰয়োজন হৈছিল ৩৬৭৫টা বল।২০১৩ চনত অভিষেক ঘটোৱাৰ পাছত মান্ধনাই এই পৰ্যন্ত ১৫৪ খন মেচত অংশগ্ৰহণ কৰিছে ।আনপিনে সামাজিক মাধ্যমত স্মৃতি মান্ধনাই পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us