বিবাহ বাতিল পলাশ মুচ্চল-স্মৃতি মান্ধানাৰ

বিগত কেইবাসপ্তাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই দুটিয়ে পৰিয়ালে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লয়।সামাজিক মাধ্যমত এই কথা পোষ্টযোগে শ্বেয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
new ap web 6 (5)

ডিডিটেল ডেস্কঃ বহু চৰ্চিত পলাশ মুচ্চল-স্মৃতি মান্ধানাৰ আহি পৰিছে ডাঙৰ খবৰ। অৱশেষত কোনোৱে কল্পনা নকৰা এক সিদ্ধান্ত গ্ৰহণ কৰিলে স্মৃতি মান্ধানাই। স্মৃতি মান্ধানাই নবহে পলাশ মুচ্চলৰ সৈতে বিয়াত। সামাজিক মাধ্যমত এই কথা পোষ্টযোগে শ্বেয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। 

Smriti Mandhana Calls Off Wedding With ...

উল্লেখ্য যে, বিগত কেইবাসপ্তাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই দুটিয়ে পৰিয়ালে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লয়। পলাশ মুচ্চল-স্মৃতি মান্ধানাই ২৩ নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। কিন্তু যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে স্মৃতি মান্ধানাই। 

Smriti Mandhana-Palash Muchhal call off ...

স্মৃতি মান্ধানাই পোষ্টতোত লিখিছে যে, মই স্পষ্টকৈ ক’ব বিচাৰোঁ যে  আমাৰ বিবাহখন বাতিল কৰা হৈছে। এতিয়া আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। নিজৰ জীৱনত মই আগবাঢ়ি যাব বিছাৰো। মই আশা কৰিছোঁ যে মই যিমান পাৰো ভাৰতৰ হৈ খেলি থাকিম আৰু ট্ৰফী জয় কৰি যাম আৰু সেইটোৱেই মোৰ সদায় লক্ষ্যৰ কেন্দ্ৰবিন্দু হ’ব। এনেদৰেই স্মৃতি মান্ধানাই এক দীঘলিয়া পোষ্টতেৰে সকলো কথা উল্লেখ কৰিছে। 

WhatsApp Image 2025-12-07 at 7.40.10 PM

পলাশ মুচ্চল-স্মৃতি মান্ধানা