/asomiyapratidin/media/media_files/2026/01/12/rgrerreww-2026-01-12-12-30-32.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বৰ্তমান ইটা ভাটাৰ ক'লা ধোঁৱাই আঁৱৰিছে আকাশ-বতাহ। অথচ খবৰ নাই আৰক্ষী প্ৰশাসন তথা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ। বিশেষকৈ আৰক্ষী প্ৰশাসনৰ কমিচনৰাজ তথা ইটা ভাটাৰ একাংশ মালিকৰ সৈতে আৰক্ষী প্ৰশাসনৰ লোকৰ থকা মধুৰ সম্পৰ্কৰ বাবে বৰ্তমান আৱৰি ধৰা ইটা ভাটাৰ ক'লা ধোঁৱাৰ বিৰুদ্ধে এইসকল বৰমূৰীয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।
এই ইটাভাটাৰ পৰা ওলোৱা এই ক'লা ধোঁৱাই লিভাৰ,শ্বাস প্ৰশ্বাসজনিত ৰোগ, দুৰাৰোগ্য কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগৰ বাহক বুলি একাংশ স্বাস্থ্য বিশেষজ্ঞই কয়। লগতে এই ইটাভাটাৰ ক'লা ধোঁৱাই চাৰি-পাঁচ কিঃ মি দূৰত্বলৈ থকা জীৱ জন্তু,চৰাই চিৰিকটি,মানুহ আদিৰ মাজত যথেষ্ট ক্ষতি কৰিব পাৰে বুলি উল্লেখ কৰে। মানুহৰ বস্তিত থকা পান,তামোল,নাৰিকল,কঠাল,শস্য আদিৰো ক্ষতিসাধন হয় বুলি কয় স্বাস্থ্য বিশেষজ্ঞই।
এইক্ষেত্ৰত দক্ষিণ কামৰূপৰ বিভিন্ন জনবসতিপূৰ্ণ এলেকাত স্থাপন কৰা এই ইটাভাটাৰ ক'লা ধোঁৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মাজে সময়ে আৰক্ষী প্ৰশাসন তথা মন্ত্ৰী বিধায়কক অভিযোগ দি আহিছে যদিও কামত অহা নাই। বৰঞ্চ এনে ইটাভাটাৰ একাংশ মালিকৰ সৈতে এইসকল বৰমূৰীয়াৰ ঘনিষ্ঠ সম্পৰ্কহে থকা দেখা যায়। আকৌ এনে একাংশ ইটাভাটাত শিশু শ্ৰমিক নিয়োগ কৰিয়ো এই শিশু শ্ৰমিক আইনখন দক্ষিণ কামৰূপত ধোঁৱাচাঙত তুলিছে বুলি অভিযোগ উত্থাপন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/whatsapp-i-2026-01-12-12-30-54.jpeg)
এই ইটাভাটাত কৰ্মৰত শ্ৰমিকৰ সন্তান শিশুসকলৰ শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী,বাসস্থান,বীমা আদিৰ সন্দৰ্ভত ব্যৱস্থা থাকিব লাগে যদিও প্ৰায়ভাগ ইটাভাটাতে নাই এনে সুবিধাসমূহ। ফলত বিপাঙত পৰিছে এই শ্ৰমিককে ধৰি তেওঁলোকৰ শিশুসকল। আনকি এনে ঘটনাসমূহে ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতিও এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে।
উল্লেখ্য যে,যোৱাবাৰ চৰকাৰে দুখীয়া তথা একাংশ ধনী লোকৰ বাবেও চৰকাৰী ঘৰৰ আৱণ্টন দিয়াত এই ঘৰবোৰৰ বাবে অধিক হাৰত ইটাৰ প্ৰয়োজন হোৱাত ইটাভাটাৰ মালিকসকলে পূৰ্বতে প্ৰতি ট্ৰাকত চব্বিশপৰা পঁচিশ হাজাৰলৈকে বিক্ৰী কৰি আহিছিল যদিও প্ৰতি গাড়ীত প্ৰায় দহ- পোন্ধৰ হাজাৰ কৈ বৃদ্ধি কৰাত এইসকল লোক বিপাঙত পৰিছে। কিয়নো চৰকাৰে এই চৰকাৰী ঘৰৰ বাবে এবছৰ পূৰ্বে গৃহ অনুদানৰ ধনৰ নিৰ্ধাৰণ কৰিছিল। কিন্তু হঠাত এই ইটাৰ দামবৃদ্ধিয়ে এই নিৰ্ধাৰিত ধনেৰে ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দুখীয়াৰ মূৰত ৰামটাঙোন পৰিছে।
ফলত বহু পৰিয়ালে চৰকাৰী ঘৰ সম্পূৰ্ণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে এই দিশত বিভাগীয় কৰ্তৃপক্ষক আলোচনা কৰি ধনৰ পৰিমাণ বঢ়াই দিবলৈ দাবী উত্থাপন সচেতন লোকে। ইপিনে আৰক্ষী প্ৰশাসন তথা বন বিভাগক মেনেজ কৰি একাংশ ইটাভাটাৰ মালিকে একাংশ কয়লা ব্যৱসায়ীৰ দ্বাৰা সময়ে সময়ে নিশাৰ ভাগত মেঘালয়ৰ পৰা ৰাণীৰ শুকুৰবেৰীয়া,পাগেলীবাগান,লোহাৰঘাটৰ উমচুৰ আদি বিভিন্ন পথেৰে দক্ষিণ কামৰূপৰ ইটাভাটাৰ সমূহ বিশেষকৈ নহিৰা,ধনতোলা, পলাশবাৰী,ছয়গাঁও আদি কেইবা ঠাইলৈ কয়লা সৰবৰাহ কৰে।
অভিযোগ অনুসৰি, এই কয়লা সৰবৰাহৰ বাবেও বন বিভাগ,আৰক্ষীকে ধৰি একাংশ দল সংগঠনৰ লোকক দিব লাগে মোতা অংকৰ ধন। ফলত এই ইটাৰ দাম বছৰি বৃদ্ধি পাই আহিছে। মুঠতে এই ইটাভাটাৰ মালিকপক্ষই নিজৰ মইমতালি, খেয়ালখুচি মতে দক্ষিণ কামৰূপত প্ৰায় সকলো পক্ষকে মেনেজ কৰি তথা চৰকাৰৰ বন বিভাগক এক প্ৰকাৰ ৰাজহ ফাঁকিৰে চলাই গৈছে নিজৰ ৰমৰমীয়া এখন ইটাৰ ব্যৱসায়।
আনহাতে, এইবেলিও তীব্ৰ প্ৰতিযোগিতামূলক কাৰ্যৰে তেওঁলোকে কম দামত শ্ৰমিক নিয়োগ কৰি ইটা নিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিছে। আনকি ঠায়ে ঠায়ে শিশু শ্ৰমিক নিয়োগ কৰিও চলাই গৈছে কাম। এই সমূহ কাণ্ড কাৰখানা দেখিও সকলো যেন নীৱৰ। এইক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া,জিলা প্ৰশাসনৰো দায়িত্ব আছে যদিও তেওঁলোক প্ৰায়ে জনতাৰ দুখৰ সলনি ধনকুৱেৰৰ ভূমিৰ নামজাৰি,ভূমি পট্টা প্ৰদান, সৰুসুৰা মেল মিটিঙ উৎসৱ পাৰ্বনতহে ব্যস্ত থকা পৰিলক্ষিত হৈছে। আকৌ এই ইটাভাটাৰ একাংশ বাহনেই নথিপত্ৰ বিহীনহোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও ৰাজ্যৰ পৰিবহন বিভাগে এইবোৰ চাবলৈ সময় নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us