/asomiyapratidin/media/media_files/2025/09/10/yhhhdd-2025-09-10-11-16-06.jpg)
ডিজিটেল ডেস্কঃ জাগুয়াৰ লেণ্ড ৰভাৰে মঙলবাৰে ভাৰতত নিজৰ পৰ্টফলিঅ’ত যথেষ্ট মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰি শেহতীয়াকৈ বিলাসী গাড়ীৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) হাৰ কৰ্তনৰ সুবিধা গ্ৰাহকক প্ৰদান কৰে।
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ লগে লগে জেএলআৰ মডেলৰ মূল্য ৪.৫ লাখৰ পৰা ৩০.৪ লাখৰ ভিতৰত হ্ৰাস পাব, যিয়ে ইয়াৰ ৰেঞ্জ ৰভাৰ, ডিফেণ্ডাৰ আৰু ডিস্কভাৰী এছইউভিৰ সমগ্ৰ লাইন আপ সামৰি ল’ব, পিটিআইৰ মতে।
জেএলআৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজন আম্বাই কয় যে, ‘বিলাসী বাহনৰ ওপৰত জিএছটিৰ যুক্তিসংগতকৰণ গ্ৰাহকৰ বাবে আৰু উদ্যোগটোৰ বাবে আদৰণীয় পদক্ষেপ।এই পদক্ষেপে ভাৰতৰ বিলাসী বজাৰৰ প্ৰতি আমাৰ আস্থা আৰু দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিব।
সংশোধিত কৰ ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ বিলাসী গাড়ী নিৰ্মাতা কোম্পানীসমূহে মূল্য পুনৰ সংহতি কৰিবলৈ দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সময়তে এই ঘোষণা কৰা হৈছে। এক পৃথক বিবৃতিত ভলভো কাৰ ইণ্ডিয়াই কয় যে ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ ইণ্টাৰনেল কম্বচন ইঞ্জিন (আইচিই) মডেলৰ মূল্যও ৬.৯ লাখ পৰ্যন্ত হ্ৰাস কৰিব।