/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/df8b1e33-9cb7-43c6-82b2-c11792cdbea5/chabuk.jpg)
skill development
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় উদ্যমীতা সংস্থাৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন টাক্স (TAKS)ৰ সহযোগত চাবুকধৰাত পানী মেটেকাত পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ এটি প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ নৈ বিল, জলাশয়ত প্ৰচুৰ পৰিমাণে উপলব্ধ পানী মেটেকাৰ পৰা নিৰ্মিত বেগ, পুতলা, ফুলদানী আদি সামগ্ৰীৰ ৰাজ্য-বহিঃৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ব্যপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উদ্যমীতা সংস্থাই গ্ৰাম্যাঞ্চলৰ উদ্যমী লোকসকলক ইয়াৰ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
তাৰ অংশ হিচাপে শনিবাৰৰ পৰা চাবুকধৰা পঞ্চায়তৰ মুকলি মঞ্চত আৰম্ভ কৰিছে পানী মেটেকাত পৰা সামগ্ৰী নিৰ্মাণৰ মাহজোৰা প্ৰশিক্ষণ। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতীয় উদ্যমীতা সংস্থাৰ উত্তৰ পূৱৰ প্ৰকল্প বিষয়া প্ৰাঞ্জল ৰাজখোৱাই উপস্থিত ৰাইজক এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰি কৌশল সমূহ আয়ত্ব কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ আদৰ্শ হ'বৰ বাবে আহ্বান জনায়।
ইফালে অনুষ্ঠানত অংশ গ্ৰহণ কৰি পানী মেটেকাত পৰা সামগ্ৰী প্ৰস্তুত কৰি নিজৰ লগতে দহজনক উপাৰ্জনৰ পথ মোকলাই দি অঞ্চলটোত জনপ্ৰিয় হৈ পৰা উদ্যমী মহিলা মুনমী দেউৰজাই সকলো মহিলাকে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰি আত্মনিৰ্ভৰ হ'বলৈ আহ্বান জনায়।
সাংবাদিক দিব্যজ্যোতি বৰুৱা, শংকৰজ্যোতি শৰ্মা, মিনতি বৰদলৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত চাবুকধৰা অঞ্চলৰ বোৱাৰী, যুৱতী সহ তিনি শতাধিক লোক উপস্থিত থাকে।