/asomiyapratidin/media/media_files/2025/10/14/ujjjdd-2025-10-14-18-00-20.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ছয়মাইল উৰণ সেতুঁৰ তলত গুৱাহাটীৰ শিল্পী সমাজে অনুুষ্ঠিত কৰিব বিচাৰিছিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কিন্তু প্ৰশাসনে যান-জঁটৰ দোহাই দি এই অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।
মঙলবাৰে সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান। কিন্তু গুৱাহাটী আৰক্ষীয়ে তাৰ পূৰ্বেই এই অনুষ্ঠানৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে। গুৱাহাটী আয়ুক্ত কাৰ্যালয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে এক ঘোষণা প্ৰকাশ কৰে।
গুৱাহাটী আয়ুক্ত কাৰ্যালয়ৰ ঘোষণাত কোৱা হয় যে, আমাৰ মৰমৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ কাকো অনুমতিৰ প্ৰয়োজন নাই। কিন্তু আমি নিশ্চিত কৰিব লাগিব যে ইয়াৰ বাবে যাতায়তত কোনো ব্যাঘাত জন্মাব নোৱাৰে । এনে যিকোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লতাশিল, চান্দমাৰী, বা আন যিকোনো মুকলি খেলপথাৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা যথাযথ অনুমতি সাপেক্ষে আয়োজন কৰিব পাৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, এই অনুষ্ঠানত কুৰিৰো অধিক নবীন-প্ৰবীণ শিল্পীয়ে গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কথা আছিল। খগেন গগৈ, তৃষ্ণা দেৱী, তৰালী শৰ্মাৰ দৰে শিল্পীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল।