/asomiyapratidin/media/media_files/2026/01/01/569-2026-01-01-22-59-48.jpg)
ডিজিটেল সংবাদ, নগাঁও : নৱবৰ্ষৰ প্ৰথম দিনটোতে নগাঁও পৌৰসভাৰ উদ্যোগত সংবাকৰ্মীৰে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই আঁত ধৰা সভাখনতে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পৌৰসভাই বিগত বৰ্ষৰ উন্নয়নৰ খতিয়ান দাঙি ধৰা লগতে নগৰ খনত নতুন কৈ নামাকৰণ কৰা দলং , সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু উদ্যান সমূহৰ নাম ঘোষণা কৰে।
লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচা আৰু ডাইৰী উপহাৰ হিচাপে প্ৰদান কৰে। লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সকলো জেষ্ঠ কনিষ্ঠ সকলো সংবাদ কৰ্মী ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us