/asomiyapratidin/media/media_files/2025/09/28/dsdsdsdsd-2025-09-28-18-45-54.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ জনতাৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক একাংশই ধনঘটাৰ স্বাৰ্থত সুদূৰ ছিংগাৰপুৰলৈ নি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত শিৱসাগৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ শিৱসাগৰৰ জুবিন গাৰ্গ অনুৰাগীৰ উদ্যোগত ন্যায় বিচাৰি আৰম্ভ কৰা হয় "ৰক্তচহী" অভিযান ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/whatsapp-image-2025-2025-09-28-18-46-41.jpeg)
সম্প্ৰতি "আপোনাৰ এটোপাল তেজ জুবিনৰ ন্যায়ৰ সহায়ক হঁওক" শীৰ্ষক বাৰ্তাই একত্ৰিত কৰিছে শিৱসাগৰৰ সৰ্বস্তৰৰ জুবিন অনুৰাগীক ৷ শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত জুবিন গাৰ্গৰ প্ৰতিছবিৰ আগত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাল লগতে ৰক্তচহীৰ বাবে নিৰ্দিষ্ট কৰি থোৱা গামোছাত জুবিন গাৰ্গৰ বহু অনুৰাগীয়ে নিজৰ ৰক্তৰে টীপ চহী কৰি ন্যায়ৰ বাবে প্ৰতিকীভাৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/whatsapp-image-202m-2025-09-28-18-47-02.jpeg)
ইফালে, "ৰক্তচহীৰ" অভিযানৰ পাছতে সমদল বাহিৰ কৰে জুবিন গাৰ্গৰ অনুৰাগী সকলে ৷ সকলোৱে একেলগে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us