শিৱসাগৰৰ হালোৱাটিঙত গ্ৰেপ্তাৰ বন্যপ্ৰাণী অংগ সৰবৰাহকাৰী

শিৱসাগৰ জিলাৰ হালোৱাটিং বন বিভাগ, আমগুৰি বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ইনটেলিজেন্স বিভাগে আজি বন্যপ্ৰাণীৰ অংগসহ গ্ৰেপ্তাৰ কৰিছে এজন নগালোকক।

author-image
Asomiya Pratidin
New Update
FDESFDSFSS

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ হালোৱাটিং বন বিভাগ, আমগুৰি বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ইনটেলিজেন্স বিভাগে আজি বন্যপ্ৰাণীৰ অংগসহ গ্ৰেপ্তাৰ কৰিছে এজন নগালোকক। বন বিভাগে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ইমছিল লিবা আও। 

WhatsApp Image 2026-01-02 at 8.37.01 PM

চিকাৰীটোৰ পৰা বন বিভাগে জব্দ কৰিছে নাহৰফুটুকী বাঘৰ দুখন ছাল, হাঁড়, লাওখোলাকে ধৰি বহু সামগ্ৰী। নাগালেণ্ডৰ য়াচাং বস্তিৰ আন এজন নগালোকক বিক্ৰী কৰিবলৈ যাওঁতেই গোপন সূত্ৰৰ ভিত্তিত বন বিভাগৰ লোকে আটক কৰে ব্যক্তিজনক। অৱশ্য়ে আনজন চিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

WhatsApp Image 2026-01-02 at 8.36.48 PM

লিমা আও নামৰ ধৃত চিকাৰীজনে জনোৱা মতে প্ৰায় ১লাখ ত্ৰিশ হাজাৰ টকাত আন এজন নগালোকক বিক্ৰী কৰিবলৈ লৈ গৈছিল বন্যজন্তুৰ অংগ প্ৰত্যংগ আৰু ছালখিনি। নাগালেণ্ড তুলিৰ পৰা সৰবৰাহ হোৱা বন্যপ্ৰাণীৰ অংগসমূহ বন বিভাগে বিশেষ সূত্ৰৰ ভিত্তিত আমগুৰি চাহ বাগিচাৰ সমীপৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত চিকাৰীসহ গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে বন বিভাগে ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে।

শিৱসাগৰ