শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ ২০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

পুৱা সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ৷ শ্বহীদ তৰ্পণ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপম শইকীয়া আৰু  মহিলা মঞ্চৰ সভানেত্ৰী মিনাক্ষী গগৈয়ে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-25 at 11.35.23 PM

ডিজিটেল ডেস্কঃ জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ ২০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ৷ শ্বহীদ তৰ্পণ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপম শইকীয়া আৰু  মহিলা মঞ্চৰ সভানেত্ৰী মিনাক্ষী গগৈয়ে ৷

WhatsApp Image 2025-12-25 at 11.34.24 PM

সংগঠনটোৱে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ “সংবাদ বৈভৱ” বঁটা আগবঢ়োৱা হয় ৷ ব্যক্তিগত অসুবিধাৰ বাবে জয়ন্ত বৰুৱা অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁক গুৱাহাটীত বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। দুপৰীয়া ১২ বজাত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি সভাপতি যাদৱ গগৈৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সংগঠনটোৰ জিলা সভাপতি যদুমণি কলিতাই জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ বাবে সাংস্কৃতিক সন্ধিয়া বাতিল কৰা বুলি ব্যক্ত কৰে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ধাৰাবাহিক আন্দোলন কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে ৷ 

WhatsApp Image 2025-12-25 at 11.34.23 PM (1)

মুখ্য সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠকে  কয় য়ে- সংগঠনটোৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে ৷  সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানজিৎ গগৈয়ে অংশগ্ৰহণ কৰে ৷  প্ৰতিষ্ঠা দিৱস উপলক্ষে তপন কলিতা সম্পাদিত স্মৃতিগ্ৰন্থ " মৌ কৌত অৰ্থাৎ স্বদেশ” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট লেখক তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই। মুকলি সভাত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই বক্তব্য আগবঢ়াই। মুকলি সভাত বিশিষ্ট হাৱাইন গীটাৰ বাদক শিল্পী পাৰ্থ বৰগোহাঞিক হাৱাইন গীটাৰ ৰত্ন বঁটা , শিল্পী অজয় ফুকনক সংগীত ৰত্ন আৰু শিক্ষাবিদ গোবিন্দ ভূঞাক শিক্ষা ৰত্ন বঁটা প্ৰদান কৰা হয়।  মুকলি সভাত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, আহোম সেনাৰ সভাপতি অংকুৰণ ফুকন, সংগ্ৰামী সেনাৰ সভাপতি পংকজ খাউন্ড আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। 

শিৱসাগৰ