ডেৰ শতিকা পুৰণি ৰাস পূজাঃ শিৱসাগৰৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পিতৃভিঠাত লাৰুৱা গোঁসাইৰ আৰাধনা...

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ  শিৱসাগৰৰ পিতৃভিঠাত আজি নিশা অনুষ্ঠিত হয় ৰাস পূজা। লাৰুৱা গোঁসাইৰ আৰাধনা-পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছে ৰাস থলী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ডেৰ শতিকা পুৰণি এই

author-image
Asomiya Pratidin
New Update
2962733b-5d1c-462d-980c-6101737686da

ডিজিটেল সংবাদ, শিৱসাগৰঃ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ  শিৱসাগৰৰ পিতৃভিঠাত আজি নিশা অনুষ্ঠিত হয় ৰাসপূজা। লাৰুৱা গোঁসাইৰ আৰাধনা-পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছে ৰাস থলী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ডেৰ শতিকা পুৰণি এই ৰাস অনুষ্ঠিত হৈছে সম্পূৰ্ণ আধ্যাত্মিক আৰু সাত্বিক পৰিৱেশত। 

15cc1018-f86b-4776-8fa3-4063c561a832

জীৱাত্মা আৰু পৰামাত্মাৰ মিলনৰ উৎসৱ ৰাস। এই ৰাস এতিয়া সমগ্ৰ ৰাজ্য জুৰি ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। বাদ পৰা নাই উজনিৰ তৈল নগৰী শিৱসাগৰো। চহৰখনৰ আমোলাপট্টিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পুৰণি বাসগৃহত আজি উদুলি মুদুলি পৰিবেশ। এই বাসগৃহত বিগত বছৰবোৰৰ দৰেই পালন কৰা হৈছে ৰাস পূজা।

উল্লেখযোগ্য যে এই পূজা ভাগি বিগত ডেৰ শতিকা ধৰি ভাষাৰ ওজাৰ পৰিয়ালে নিৰৱছিন্ন ভাবে আয়োজন কৰি আহিছে। গোপী ৰূপী জীৱাত্মাই সংসাৰিক মায়া মোহ কামনা বাসনা ত্যাগ কৰি পৰামাত্মাত বিলীন হোৱাৰ এই উৎসৱ আৰু পূজা ভাগি অতিশয় গাম্ভীৰ্যপূৰ্ণ আৰু সাত্বিক পৰিবেশত সমাপন কৰা হয়।

11613da9-9c4c-4dbf-b1fa-e0e220d1a7c1

এই পূজাক কেন্দ্ৰ কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ উত্তৰসুৰীৰে ভৰি পৰিছে ভাষাৰ ওজাৰ পজা।দেশে বিদেশে দিহিঙে দিপাঙে থকা পৰিয়ালটোৰ সকলো এক গোট হৈছে পূজা ভাগিত অংশগ্ৰহণ কৰিবলৈ।

শৰৎ কালৰ বিতোপন চন্দ্ৰাৱালী নিশা ৰাসৰ জৰিয়তে গোপী সকলে দেখুৱাই যোৱা  শ্ৰেষ্ঠ ভক্তি আৰু আত্মসমৰ্পণ ৰ নিৰ্দশন ৰাসৰ এই বিশেষ পূজা ভাগীত হেমচন্দ্ৰ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ যোগ্য উত্তৰসুৰী সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা,,ৰুবি বৰুৱা,মানৱ জীৱন বেজবৰুৱা,নিৰ্মালি বেজবৰুৱা,ববিতা বৰুৱা, প্ৰশান্ত বৰুৱা,ময়ূখ বেজবৰুৱা,অভীক্ষা বৰুৱা,অজন্তা  বি বৰুৱা, অজিত বৰুৱা আদিকে ধৰি বৰুৱা পৰিয়ালৰ প্ৰতিজন সদস্যই অংশগ্ৰহণ কৰে।

532bf68a-5f1a-4d60-95dc-83e3c94978cc

শিৱসাগৰ