/asomiyapratidin/media/media_files/2026/03/08/udjdj-2026-03-08-14-08-45.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ বিধানসভা সমষ্টিত বিধানসভা সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত অসম গণ পৰিষদ নে শাসকীয় বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাকলৈ দুয়োটা দলৰ নেতা কৰ্মী উৎকণ্ঠিত হৈ পৰিছে ৷ যোৱা দিন কেইটাত শাসকীয় বিজেপিৰ হৈ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এটাৰ পিছত এটাকৈ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয় মুকলি কৰাত ব্যস্ত হয় যদিও শেহতীয়াকৈ সমষ্টিৰ পৰা অগপ নেতা তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ এন্ট্ৰিয়ে ৰাজনৈতিক সমীকৰণ উলট পালট কৰিছে ৷ সমষ্টিটোৰ পৰা প্ৰদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বীতা কৰিব বুলি খৱৰ ওলাইছে ৷
উল্লেখ্য যে আমগুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বিলুপ্ত হোৱাত প্ৰদীপ হাজৰিকা সমষ্টিহীন হৈ পৰে ৷ শাসকীয় বিজেপিয়ে উজনি অসমৰ প্ৰায় সমূহ বিধানসভা সমষ্টি লক্ষ্য কৰি লৈ একপ্ৰকাৰে প্ৰাৰ্থী ঘোষণা যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ৷ যিহেতু সমষ্টিটোত শাসকীয় বিজেপিৰ প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ আনহাতে শিৱসাগৰ সমষ্টি অসম গণ পৰিষদ চমুকৈ অগপই এৰি দিব বিচৰা নাই ৷ ইয়াৰ মাজতে যোৱা ২২ ফেব্ৰুৱাৰীত অগপই শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত “সংকল্প সমাৱেশ” ৰ উদযাপন কৰে ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দলৰ নেতা অতুল বৰা, প্ৰদীপ হাজৰিকাৰ লগতে আন আন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
অগপৰ নেতৃত্বই প্ৰদীপ হাজৰিকাক টিয়ক সমষ্টিলৈ ঠেলি দি তেওঁৰ ক্ষোভ প্ৰশমনৰ চেষ্টা চাইছিল যদিও টিয়কৰ অগপৰ নেতা কৰ্মীয়ে বিষয়টো সহজভাৱে লোৱা নাই ৷ তদুপৰি বিজেপিৰ নেতা কৰ্মী সকলে টিয়ক সমষ্টি অগপক এৰিদিয়াৰ পক্ষত নাই ৷ যাৰবাবে অগপই শিৱসাগৰ সমষ্টিটো বিচাৰিছে ৷ আমগুৰি সমষ্টিৰ বৃহৎ অংশ কৰ্ত্তন কৰি শিৱসাগৰ সমষ্টিৰ লগত চামিল কৰাৰ বাবে অগপই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰদীপ হাজৰিকাক প্ৰক্ষেপ কৰি জয়ী হোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ প্ৰদীপ হাজৰিকাৰ মতে তেওঁৰ সমষ্টিৰ ১৩ টা গাঁও পঞ্চায়ত ইতিপূৰ্বে শিৱসাগৰ সমষ্টিৰ লগত চামিল কৰা হয় ৷ গতিকে প্ৰদীপ হাজৰিকাই শিৱসাগৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বীতা কৰাত জোৰ দিছে ৷
যদি বিজেপিৰ নেতৃত্বই অগপৰ হেঁচাত পৰি শিৱসাগৰ সমষ্টি এৰি দিয়ে তেনে কুশল দুৱৰীৰ ৰাজনৈতিক ভবিষ্যত কি হ’ব তাকলৈ দলীয় কৰ্মীৰ মাজত সৰৱ আলোচনা চলিছে ৷ ইফালে ৷ বিজেপিৰ নেতা কৰ্মীয়ে শিৱসাগৰ সমষ্টি কোনো কাৰণতেই অগপক এৰি দিব বিচৰা নাই ৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উজনি যিকেইটা সমষ্টিত বিজিপিৰ স্থিতি দুৰ্বল বুলি গণ্য কৰিছে তাৰ ভিতৰত শিৱসাগৰ বিধানসভা সমষ্টিকো তালিকাভুক্ত কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ সমষ্টিত জয়ী হোৱাটো বিজেপিৰ বাবে ইমান সহজ নহয় বুলি স্পষ্ট কৰি দিছে যদিও ভিতৰি ভিতৰি শিৱসাগৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিৰ্দেশ দি ৰাখিছে ৷
বিজেপিয়ে শিৱসাগৰ চহৰৰ কালী প্ৰসাদ সোঁৱৰণি ভৱনত সম্পন্ন কৰা আভ্যন্তৰীণ নিৰ্বাচনটো সমষ্টিটোত নেতা কৰ্মীৰ ঐক্যহীনতাৰ কথা প্ৰমাণিত হয় ৷ বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিস্মিতা গগৈ , লক্ষ্মীনাথ তাচা সহিতে ভালেসংখ্যক নেতাৰ উপস্থিতত আভ্যন্তৰীণ নিৰ্বাচন সম্পন্ন কৰে ৷ কিন্তু শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ ১৪ গৰাকীয়ে প্ৰাৰ্থীত্ব বিচাৰি উক্ত নিৰ্বাচনত অৱতীৰ্ণ হয় ৷ এনে পৰিস্থিতিত শিৱসাগৰ সমষ্টিৰ পৰা এগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বাকী সকলে যে তেওঁক সহায় কৰিব তাৰ আশা ক্ষীণ ৷
ইতিপূৰ্বে শিৱসাগৰ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এইবুলি ব্যক্ত কৰে যে শিৱসাগৰত ১২/১৩ জন প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে ৷ কাক প্ৰাৰ্থীত্ব দিম কাক নিদিম, মোৰ মূৰেই কাম কৰা নাই ৷ এজনক প্ৰাৰ্থীত্ব দিয়াৰ পিছত বাকী ১১/১২ জনে বেয়া পাই বাবে ঘৰত বহি দিয়ে ৷ সেইবাবেই আমি শিৱসাগৰত সদায় পৰাস্ত হওঁ বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছিল। বিধানসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগেই শিৱসাগৰত শাসকীয় বিজেপিৰ একাংশ প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ মাজত আৰম্ভ হৈছে সংঘাত ৷ বিজেপিৰ আভ্যন্তৰীণ নিৰ্বাচনত থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙ্গীয়া,সুৰভি ৰাজকুঁৱৰী,
হৰিপ্ৰসন্ন হাজৰিকা, প্ৰাঞ্জল কটকী, অংকিতা দত্ত, বিজিত গগৈ, মৃণালী কোৱঁৰ, মৃদুস্মিতা সিনহা, বিনিতা শইকীয়া দে সহিতে ১৪ গৰাকীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে থাওৰাত বিজেপি শক্তিশালী কৰাত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ অৱদান উল্লেখনীয় যদিও বিধায়ক সুশান্ত বৰগোহাঁইয়ে নিজৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ বাবে কুশল দুৱৰীক কৌশলেৰে শিৱসাগৰলৈ ঠেলি পঠিয়ালে ৷
থাওৰা সমষ্টি ডিমৌ সমষ্টিলৈ পৰিবৰ্তন হোৱাত সুশান্ত বৰগোহাঁই ডিমৌত খুঁটি পুতি বহিল ৷ তেওঁৰ প্ৰাৰ্থীত্ব ডিমৌত নিশ্চিত হ’ল ৷ কিন্তু কুশল দুৱৰী ৰাজনৈতিক ক্ষেত্ৰত ওলমি ৰ’ব লগাত পৰে ৷ সম্প্ৰতি শিৱসাগৰ বিধানসভা সমষ্টিক লৈ বিজেপি আৰু অগপৰ মাজত টনা আঁজোৰা লাগিছে ৷ এনে পৰিস্থিতিত শিৱসাগৰ সমষ্টি অগপ নেতা প্ৰদীপ হাজৰিকাক এৰিদিলে বিজেপি কৰ্মীৰ মিজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাটো স্বাভাৱিক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us