১২গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীঃ শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ নিজৰ মাজতে খোৱা-কামোৰাৰ ৰাজনীতি...

আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খাৰ দৰে বহু বিতৰ্কিত এগৰাকী দাগী ব্যক্তিয়ে শিৱসাগৰ সমষ্টিত তেওঁক বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ চিণ্ডিকেটৰ নায়ক গৰাকীয়ে

author-image
Asomiya Pratidin
New Update
25022e51-b623-4b53-aae7-33314ab836fd

ডিজিটেল সংবাদ, শিৱসাগৰঃ  আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খাৰ দৰে বহু বিতৰ্কিত এগৰাকী দাগী ব্যক্তিয়ে শিৱসাগৰ সমষ্টিত তেওঁক বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ চিণ্ডিকেটৰ নায়ক গৰাকীয়ে প্ৰাৰ্থীত্ব পালে অখিল গগৈক পৰাজিত কৰিব বুলি হুংকাৰ দিছে ৷ উল্লেখ্য যে শিৱসাগৰ সমষ্টিত শাসকীয় বিজেপিৰ পৰা প্ৰাৰ্থীত্ব বিচৰা পুৰুষ মহিলা সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷

এতিয়ালৈকে ১২ গৰাকীয়ে প্ৰাৰ্থীত্ব বিচাৰি কুচকাৱাজ অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতেই চলিছে লবী কেন্দ্ৰীক ৰাজনীতি ৷ দুই এক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সতীৰ্থক কৌশলেৰে ভাবুকি প্ৰদান কৰাৰো অভিযোগ উঠিছে ৷ এগৰাকী ব্যক্তিয়ে দিখৌমুখত অংকিতা দত্তৰ লগত দলীয় কৰ্মীক যোগাযোগ নকৰিবলৈ ভাবুকি প্ৰদান কৰিছে ৷ 

আনহাতে জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙ্গীয়াৰ ফটো সম্বলিত প’ষ্টাৰ নিশাৰ ভাগত দলৰে লোকে ফালি চিৰাচিৰ কৰিছে ৷ শিৱসাগৰ দিখৌ দলঙৰ দুয়োপাৰে জিলা সভাপতিয়ে আঁৰি ৰখা প’ষ্টাৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ফালি চিৰাচিৰ কৰে ৷ আনহাতে নিজকে মুখ্যমন্ত্ৰীৰ অতিশয় ঘনিষ্ঠ বুলি লম্ফজম্ফ কৰি থকা চুপাৰি চিণ্ডিকেটৰ নায়ক এগৰাকীয়ে শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত বুলি প্ৰচাৰ চলাইছে ৷ ইমানেই নহয় মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপনৰ নামত এইগৰাকী ব্যক্তিয়ে বিজেপিয়ে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি প্ৰচাৰ চলাই তেওঁক ভোট দিবলৈ মুকলি আহ্বান জনায়।

উল্লেখ্য যে চোৰাং চুপাৰি সৰবৰাহ কৰাৰ সময়ত ভালেকেইখন জিলাৰ কেইবাগৰাকীও আৰক্ষী অধীক্ষকৰ বৃহৎ অংকৰ ধন দিয়া বুলি প্ৰচাৰ চলাই গ্ৰেপ্তাৰ হোৱাৰ লগতে কেইবামাহো কাৰাগাৰৰ ভাতখোৱা এই গৰাকী চিণ্ডিকেটৰ নায়কৰ কৰ্মকাণ্ডই বিজেপি কৰ্মী সকলক ক্ষুণ্ণ কৰি তুলিছে ৷ একাংশ তোষামোদকাৰীৰ আৱেষ্টনীত সোমাই বিধায়ক হোৱাৰ দিবাস্বপ্ন দেখা এইগৰাকী ব্যক্তিয়ে কাৰ সাহসত বিজেপি নেতা বুলি পৰিচয় দিছে তাকলৈ প্ৰশ্ন উঠিছে ৷ এনে ব্যক্তিয়ে প্ৰাৰ্থীত্ব লাভ কৰিলে ভালেসংখ্যক বিজেপি কৰ্মীয়ে দল ত্যাগ কৰাটো নিশ্চিত ৷

ইফালে এই সমষ্টিত কোন গৰাকীয়ে বিজেপিৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰিব তাকলৈ সৰ্বত্ৰ আলোচনা চলিছে ৷ প্ৰাৰ্থীত্বৰ আশাৰে কংগ্ৰেছী নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ দ্বিতীয় পুত্ৰ সমীৰ গগৈয়ে বিজেপিত যোগদান কৰিছিল ৷ একাংশ লোকে  এই সমষ্টিৰ পৰা সমীৰ গগৈয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি প্ৰচাৰ চলাইছে ৷ আন একাংশই অংকিতা দত্তই প্ৰাৰ্থীত্ব লাভ কৰিব বুলি প্ৰচাৰ চলাইছে ৷

উল্লেখ্য যে শিৱসাগৰ সমষ্টিত আহোম জনগোষ্ঠীৰ ভোটাৰ সংখ্যা সৰ্বাধিক আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণে ভোটাৰৰ বিন্যাস সলনি কৰিলে ৷ অতি কৌশলেৰে এই সমষ্টিৰ পৰা বৃহৎ সংখ্যক আহোম জনগোষ্ঠীয় ভোটাৰ ডিমৌ সমষ্টিলৈ কৰ্তন কৰি নিয়া হ’ল ৷

এতিয়া শিৱসাগৰ সমষ্টিত আহোম জনগোষ্ঠীয় ভোটাৰতকৈ আন আন জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পালে ৷ কোচ, কলিতা, মিচিং, কৈৱৰ্ত্ত, মুছলমান ভোটাৰ একত্ৰিত কৰলে ৭০ শতাংশৰো অধিক হ’ব ৷ আহোম জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা কৌশলেৰে শিৱসাগৰ সমষ্টিত হ্ৰাস কৰাৰ আঁৰত বিজেপি নেতা থকাৰ কথা সৰ্বজনবিদিত ৷ এনে সুযোগ গ্ৰহণ কৰি এইবাৰ অনা আহোম লোকে সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব বিচৰাটো স্বাভাৱিক ৷

যোৱা বিধানসভা নিৰ্বাচনত অংকিতা দত্তই আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল ৷ অতি কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈছিল ৷  সমষ্টিটো ইতিপূৰ্বে বিলুপ্ত হোৱাত অংকিতা দত্তই শিৱসাগৰ সমষ্টি বাচি ল’বলগীয়া হয় ৷ অংকিতা দত্তই এই সমষ্টিত বিজিপিৰ হৈ সাংগঠনিক কামকাজ অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতেই এগৰাকী ছালফাৰ সমৰ্থকে অংকিতা দত্তৰ সমৰ্থকক ভাবুকি দিয়াৰ লগতে মাৰপিত কৰিছে ৷

বাস্তৱত শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ সেই অনুপাতে প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ মাজত লাগিছে  খোৱাকামোৰা ৷ এই সমষ্টি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হাতত ৷ অখিল গগৈৰ পৰা বিজেপিয়ে সমষ্টিটো নিজৰ হাতলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে পৰিস্থিতিত এইবাৰ শিৱসাগৰ সমষ্টিৰ নিৰ্বাচন জটিল হ’ব ৷

শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে ১২ গৰাকীৰো অধিক নেতা কৰ্মীয়ে  কুচকাৱাজ আৰম্ভ কৰিছে ৷ দলৰ নেতা মন্ত্ৰীৰ লগতে সংঘৰ নেতাকো সন্তুষ্ট কৰি লক্ষ্যত উপনীত হোৱাৰ বাবে একাংশই কুচকাৱাজ অব্যাহত ৰাখিছে ৷  কেইবাগৰাকীও প্ৰাৰ্থীত্ব বিচৰা লোকে আওপকীয়াকৈ প্ৰচাৰ অভিযান চলাই প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত বুলি পৰোক্ষ ভাৱে ঘোষণা কৰিছে ৷

সমষ্টিটোৰ পৰা বিজিপিৰ হৈ সুৰভি ৰাজকুঁৱৰী,  থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী,  বিজেপিৰ জিলা  সভাপতি বিতোপন ৰাইদঙ্গীয়াই , যুৱ ব্যৱসায়ী মানসজ্যোতি সন্দিকৈৰ লগতে আন দুগৰাকীমান ব্যক্তিয়েও শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছে ৷ এইসকলৰ ভিতৰত কুশল দুৱৰীক প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই অধিক আগ্ৰহী হৈ পৰিছে ৷ 

অখিল গগৈ... অখিল গগৈ