২০২৬তো শিৱসাগৰতেই থাকিব অখিল গগৈ...

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে। দেওবাৰে বিধায়কগৰাকীয়ে সম্বোধন কৰা এখন সংবাদমেলত এই কথা ৰাজহুৱা কৰে। মিত্ৰতাক লৈ আলোচনা আৰু ভিন্ন

author-image
Asomiya Pratidin
New Update
ssadad

ডিজিটেল ডেস্কঃ ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে। দেওবাৰে বিধায়কগৰাকীয়ে সম্বোধন কৰা এখন সংবাদমেলত এই কথা ৰাজহুৱা কৰে। মিত্ৰতাক লৈ আলোচনা আৰু ভিন্ন সিদ্ধান্ত গ্ৰহণৰ কাম পৰ্যায়ক্ৰমে চলি থকা বুলিও সদৰি কৰে শিৱসাগৰৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে।

সংবাদমেলখনত অখিল গগৈয়ে জুবিন গাৰ্গৰ ছাৰ্জশ্বিটক লৈ পুনৰ অসন্তুষ্টি প্ৰকাশ কৰি অচিৰেই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। তেওঁ কয় যে, ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগত আছিল পবিত্ৰ মাৰ্ঘেৰিটাও। গতিকে তেওঁকো গ্ৰেপ্তাৰ কৰিলেহে আঁচল কথাবোৰ পোহৰলৈ আহিব।

অখিল গগৈয়ে প্ৰশ্ন কৰে যে, পৱিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰক। চাৰ্জশ্বীট মতে জুবিন গাৰ্গৰ হত্যাকাৰী ছিঙ্গাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ এজন উদ্যোক্তা শ্যামকানু মহন্ত; তেন্তে আনজন প্ৰধান উদ্যোক্তা বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা হত্যাকাৰী নহ’ব কিয়?

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ছাৰ্জশ্বিটক লৈ প্ৰথমৰে পৰাই অসন্তুষ্টি ব্যক্ত কৰি আহিছে অখিল গগৈয়ে। 

অখিল গগৈ