/asomiyapratidin/media/media_files/2025/12/31/whatsapp-image-2025-12-2025-12-31-14-56-42.jpeg)
ডিজিটেল ডেস্কঃ শিৱসাগৰত পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ নামত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এই সমবায়খনৰ এজনীয়া তদৰ্থ কমিটিৰ কাৰ্যভাৰ গ্ৰহণ কৰা ৯ মে ২০২৩ ৰ সভাত প্ৰস্তাৱ লোৱা হৈছিল যে সমিতিৰ নামত বেতবাৰী আলিৰ মূৰত তিনি কঠা মাটি ক্ৰয় কৰা হ'ব।
এই এজনীয়া তদৰ্থ কমিটিৰ সভাপতি ৰূপে সমবায় বিভাগৰ পৰিদৰ্শক ৰুহিত চন্দ্ৰ শইকীয়া নিৰ্বাচিত হোৱাৰ পাছতে সমবায়ৰ ধনেৰে মাটি ক্ৰয়ৰ নামত ব্যাপক হাৰত খেলিমেলি সংঘটিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/31/whatsapp-image-2025-2025-12-31-14-56-14.jpeg)
অভিযোগ মতে ২৪লাখ টকা মূল্যৰ মাটি ৰুহিত শইকীয়াই ৪২লাখ টকাত ক্ৰয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি সমবায়ৰ ধন আত্মসাৎ কৰে। মন্ত্ৰী যোগেন মোহনৰ গৃহ জিলাতে সমবায় বিষয়াই সংঘটিত কৰিছিল এই দুৰ্নীতি।
সমবায় বিভাগত কৰ্মৰত পৰিদৰ্শক ৰুহিত শইকীয়াই যি স্থানলৈকে যায় তাতে সমবায়ৰ নামত ব্যাপক হাৰত লুণ্ঠন চলায়। শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে উদাহৰণ নাই।
দুৰ্নীতিগ্ৰস্ত বিষয়া হিচাপে নাম থকা শইকীয়াৰ বাবে ভালেকেইজন সমবায়ে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ উদাহৰণ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us