/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-17-55-12.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ জুবিন গাৰ্গক সোঁৱৰি ৰাজ্যৰ প্ৰতটো প্ৰান্ততে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰী, উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ গীতসমূহ পৰিৱেশন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-17-48-11.jpeg)
শিৱসাগৰ বৰ্ডিং খেলপথাৰত জনতাৰ শিল্পী জুবিন গাৰ্গক দিহানামৰ মধুৰ সুৰেৰে স্মৰণ কৰা পৰিলক্ষিত হৈছে। যুগলবন্দী সাংস্কৃতিৰ কলা কেন্দ্ৰ উদ্যোগত শিৱসাগৰীয়া ৰাইজৰ সহযোগত এই সমাৰোহ সম্পন্ন কৰে। আধ্যাত্মিকতাৰ মাজেৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনাৰে এই সমাৰোহ সম্পন্ন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-17-48-30.jpeg)
৬০০০ মহিলা একেলগে দিহানাম পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰে। সমাৰোহত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, আউনিআটী সত্ৰৰসত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us