/asomiyapratidin/media/media_files/2025/11/29/9-2025-11-29-22-09-33.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি অসম বিধান সভাত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে তাৰ বাবে টাই আহোম যুৱ পৰিষদে অসম চৰকাৰ আৰু মন্ত্ৰীগোটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এই প্ৰতিবেদন বিধান সভাত গৃহীত হোৱাৰ পাছতেই জনজাতিকৰণৰ দাবীত যোৱা তিনিটা দশক ধৰি আন্দোলন কৰি অহা টাই আহোম জনগোষ্ঠীৰ যুৱ সংগঠন টাইপাৰ কৰ্মীসকল শিৱসাগৰ দ'লমুখ চাৰিআলিত সমবেত হৈ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-22-03-02.jpeg)
এই উদযাপন কাৰ্যসূচীত উপস্থিত থাকি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে. "টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দীৰ্ঘদিনীয়া দাবীটোৰ পূৰণৰ দিশত আজি অসম চৰকাৰে যি যুগান্তৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে ছয় জনগোষ্ঠীৰ ৰাইজক শুভেচ্ছা জনাইছো। আজিৰ পদক্ষেপে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিশ্চিত কৰিলে বুলিও টাইপাৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে। ইমানতেই অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্ব শেষ হোৱা নাই, ছয় জনগোষ্ঠীৰ জনজাতকৰণ সন্দৰ্ভত যাতে সংসদৰ উভয় সদনত আইন গৃহীত হয় তাৰ বাবে কেন্দ্ৰৰ ওচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হেঁচা প্ৰদান কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/1-2025-11-29-22-04-17.jpeg)
জাতীয় সংগ্রামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই কয় যে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা প্ৰয়োজন আহি পৰিছে। চৰকাৰখনে যি প্রতিবেদন দাখিল কৰিছে জাতীয় সংগ্রামী সেনা আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছে। আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us