চতুদৰ্শ বাৰ্ষিক ডম্বৰু কাকতি স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন...

তত্ত্বগধুৰ প্ৰৱন্ধ, কবিতা ৰচনাৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিযোৱা ৰামধেনু যুগৰ লেখক তথা শিৱসাগৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ডম্বৰু কাকতিৰ স্মৃতিত

author-image
Asomiya Pratidin
New Update
dddl

ডিজিটেল সংবাদ, শিৱসাগৰঃ ত চতুদৰ্শ বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান  এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷“ মধ্যযুগৰ অসমৰ সম্প্ৰীতি আৰু বেলিমাৰ ” শীৰ্ষক বিষয়ৰ বক্তৃতানুষ্ঠানত মূল বক্তা হিচাপে অংশগ্ৰহণ কৰি এনামউদ্দিন আহমেদে কয় যে — চাওল্যুং চুকাফাৰ অসম আগমন আছিল এক যুগান্তৰকাৰী ঘটনা ৷

জন্মস্থানৰ পৰা লগত অনা আৰু বাটৰ পৰা সামৰি অনা এমুঠিমান মানুহক লগত লৈ সমন্বয় সম্প্ৰীতিৰে স্বৰ্গদেউৱে সাতৰাজ সামৰি একৰাজ কৰিছিল ৷ স্বৰ্গদেউ চুকাফা আৰু তেওঁৰ পৰৱৰ্তীকালৰ স্বৰ্গদেউসকলে বৰাহী, মৰাণ, চুতীয়া, কছাৰী, নগা, মণিপুৰী, মুছলমান সহিতে সকলো জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক সামৰি বৰঅসম তথা মহাজাতি অসমীয়া গঢ়িছিল ৷ এনামউদ্দিন আহমেদ কয় আহোমৰ ৰাজত্বকাল হিংসা বা অত্যাচাৰৰ যুগ নাছিল ৷

সেই সময়ত সৰু সৰু জনগোষ্ঠী সমূহে অসমীয়ায়া জাতিসত্ত্বাৰৰ লগত একাত্ম হৈ গৌৰৱ অনুভৱ কৰিছিল ৷ স্বৰ্গদেউ সকলে সকলো জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক বিশ্বাসত লোৱাৰ বাবে বিদেশীৰ আক্ৰমণত সকলো জনগোষ্ঠী ঐক্যবদ্ধ হৈ এই ভূখণ্ড ৰক্ষা কৰিছিল ৷ আহোমত প্ৰতিটো জনগোষ্ঠী একাত্ম হৈ পৰিছিল ৷ এই ভূখণ্ড ৰক্ষাৰ বাবে স্বৰ্গদেউ সহিতে কিমান বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিবলগীয়া হৈছিল তাৰ তথ্য থাওকতে দিয়াটো কঠিন ৷

এই ভূখণ্ড ৰক্ষাৰ বাবে আলাবৈত মোগলৰ লগত যুঁজি একেদিনাই ১০ হেজাৰ অসমীয়া সৈনিকে প্ৰাণ হেৰুৱাইছিল ৷ স্বৰ্গদেউ সকলৰ উদাৰতা আৰু বিচক্ষণতাৰ বাবে অসমীয়া ইমানেই শক্তিশালী হৈছিল যে মোগল সম্ৰাট ঔৰংগজেৱৰ দ্বাৰা প্ৰেৰিত বিশাল ৰামসিংহ বাহিনীক  জোলোকা জোলোকে পানী খোৱাই খেদি পঠাবলৈ সক্ষম হৈছিল ৷ অথচ সেই পৰাক্ৰমী অসমীয়া গৃহযুদ্ধ ( মোৱামৰীয়া বিদ্ৰোহ ) ৰ বাবে ইমানেই দুৰ্বল হৈ পৰিছিল যে দা, কুঠাৰ, ধনুকাড় লৈ অহা এমুঠিমান মান সৈন্যৰ হাতত পৰাজিত হোৱা হোৱাই নহয়, ৬০০ বছৰীয়া শাসনৰ বেলিমাৰ গ’ল ৷

সমন্বয় আৰু ঐক্যহীনতাই দেশ আৰু জাতিক ধবংসৰ মুখলৈ ঠেলিদিয়ে বুলি তেওঁ কয় ৷  বক্তৃা গৰাকীয়ে সাহিত্যিক ডম্বৰু কাকতি অসমীয়া বিভাগৰ অধ্যাপক আছিল যদি আন বহু বিষয়ত পাৰ্গত আছিল বুলি দোহাৰে ৷ তেওঁ কয় শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে ডম্বৰু কাকতিয়ে সাত বছৰ কাৰ্যনিৰ্বাহ কৰি জাতীয় অনুষ্ঠানটোৰ সাহিত্যৰ ভেটি শক্তিশালী কৰিছিল ৷উল্লেখ্য যে জয়সাগৰ সাহিত্য সভাৰ উদ্যোগত চতুৰ্দশ বৰ্ষৰ বাবে জয়সাগৰত অৱস্থিত হোটেল ডিঅ'ভলেণ্টিত 'পয়োধা প্ৰৱৰ ডম্বৰু কাকতি স্মাৰক বক্তৃতা' অনুষ্ঠানৰ আৰম্ভণিতে ডম্বৰু কাকতিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী  প্ৰথমা কাকতিয়ে ।

আজি জ্ঞানপীঠ বঁ‌টা বিজয়ী বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য আৰু প্ৰকৃতি প্ৰেমী ৰবীন বেণাৰ্জীৰো স্মৃতি দিৱস । তেওঁলোক দুয়োগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে শাখাৰ সভানেত্ৰী  অঞ্জলি দেউৰীয়ে ।  ইয়াৰ পিছতেই চিৰচেনেহী মোৰ ভাষা জননী গীত সকলোৱে মিলি পৰিবেশন কৰে ।সম্পাদক ড° মায়াশ্ৰী গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে অঞ্জলি দেউৰীয়ে ।  বক্তৃতা অনুষ্ঠানটি শুভউদ্বোধন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ  উপসভাপতি তথা নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° জীৱন কলিতাই ৷

ড° কলিতাই অসমীয়া সাহিত্যত ডম্বৰু কাকতিৰ দখল থকাৰ কথা ব্যক্ত কৰে ৷ তদুপৰি তেওঁক সমাজ সংগঠক বুলি মন্তব্য কৰে । জিলা সম্পদক মনোজ গগৈয়ে আজিৰ সভাত উপস্থিত থাকি  বক্তব্য আগবঢ়ায় । প্ৰাক্তন জিলা সভাপতি প্ৰেম গগৈয়ে আজিৰ সভাত উপস্থিত থাকি ডম্বৰু কাকতিৰ জ্ঞানৰ গভীৰতাৰ বিষয়ে উল্লেখ কৰে ।

দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জয়সাগৰ শাখাৰ প্ৰাক্তন সভাপতি ড° ৰত্নেশ্বৰ দেউৰী, প্ৰভাত চন্দ্ৰ দুৱৰা, ডা° পঞ্চানন বৰঠাকু, শিক্ষাবিদ শান্তনা দত্ত, আনচাৰউদ্দিন বড়া, দুৰ্লভ বৰা, ড° মৌচুমী ৰেখা খাউণ্ড, শিক্ষাবিদ বুদ্ধিন মিশ্ৰ, প্ৰতাপ চন্দ দত্ত, যুগল বৰা, বলো পাতৰ, প্ৰয়াত ডম্বৰু কাকতিৰ দুই তনয়া সহিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি  উপস্থিত থাকি  সভাৰ সৌস্থৱ বৃদ্ধি কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে শাখাৰ সহযোগী সম্পাদক অমৰজ্যোতি দত্তই । 

শিৱসাগৰ