ৰাজপথত যতেই দেখো, তাতেই প্ৰদীপ দত্ত ৰয়ক পিটিমঃ লাচিত সেনাৰ হুংকাৰ…VIDEO

ৰাজপথত যতেই দেখো, তাতেই  প্ৰদীপ দত্ত ৰয়ক পিটিমঃ লাচিত সেনাৰ হুংকাৰ…VIDEO

ডিজিটেল সংবাদ, শিৱসাগৰঃ বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষা আৰু অসমীয়া বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে বীৰ লাচিত সেনা, অসম। শিৱসাগৰত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাই প্ৰদীপ দত্ত ৰয়ৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু আৰ এচ এচকো তীব্ৰ সমালোচনা কৰে।

প্ৰদীপ দত্ত ৰয়ক ৰাজপথত প্ৰহাৰ কৰাৰ হুংকাৰো প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ। অসমীয়া ভাষা আৰু অসমীয়া বিৰোধী মন্তব্য কৰা বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক উজনি অসমত প্ৰৱেশ বন্ধ কৰিলে বীৰ লাচিত সেনাই। প্ৰদীপ দত্ত ৰয়ে অসমৰ ৰাজপথত বঙালী ভাষা ৰক্ষাৰ বাবে ভাষা আন্দোলন কৰাৰ যি ভাবুকি দিছে তাৰ প্ৰত্যুত্তৰত সংগঠনটোৱে অসমৰ ৰাজপথত যতেই দেখে তাতেই প্ৰদীপ দত্ত ৰয়ক পিটিব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাই।

মাৰৰ কোবত প্ৰদীপ দত্তৰয়ে অসমীয়া কোনখন মুখে কয়, বঙালী কোনখন মুখে কয় তাক পাহৰি যাব বুলি কয় সংগঠনটোৱে। উল্লেখ্য যে বৰাকৰ এইজন বঙালী নেতাই কিছুদিন পূৰ্বে অসম আন্দোলনৰ ফলত লাভ কৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। হেংদান আছেও, উলিয়ামো আৰু অসমীয়া বিৰোধীক কাটিম বুলিও ভাবুকি দিয়ে বীৰ লাচিত সেনাই। কেব গৃহীত কৰিলে বিজেপি আৰু আৰ এচ এচৰ লগত প্ৰত্যক্ষ যুদ্ধত অৱৰ্তীণ হব বুলি ঘোষণা কৰে সংগঠনটোৱে।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মদাহীৰ দৰে কথা কয় বুলি মন্তব্য দিয়ে বীৰ লাচিত সেনাই। হিমন্ত বিশ্ব শৰ্মাই ৰাতি কেবৰ জৰিয়তে বঙালী আনি অসমীয়াক সুৰক্ষিত কৰিব বুলি কয় আৰু দিনত বঙালীয়ে অসমীয়া মাৰিব বুলি কয়। সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহৰ বাবেই প্ৰদীপ দত্ত ৰয়ৰ দৰে বঙালে অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in