/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-17-15-35.jpeg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক তলাতলঘৰ আৰু ৰংঘৰত কোনো দল সংগঠনে মহাবীৰ লাচিত বৰফুকনক স্মৰণ কৰাৰ বাবে কোনো অনুষ্ঠান অনুষ্ঠিত নকৰিলে ৷ ৰামসিংহৰ লগত অহা মোগলৰ বিশাল বাহিনীক পৰাজিত কৰা বিখ্যাত শৰাইঘাটৰ ৰণৰ মূল সেনাপতি মহাবীৰ লাচিত বৰফুকনক আজি অনুষ্টুপীয়াকৈ স্মৰণ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-17-09-57.jpeg)
উল্লেখ্য যে শিৱসাগৰত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি সম্বলিত লাচিত বৰফুকন উদ্যানটো পূৰ্বৰ দৰে এই দিৱস উদযাপনৰ পৰিৱৰ্তে আনুষ্ঠানিকতাহে ৰক্ষা কৰা পৰিলক্ষিত হ'ল। পূৰ্বে যেনেদৰে লাচিত দিৱস অনুষ্ঠিত কৰিছিল এইবাৰ ব্যতিক্ৰম পৰিৱেশ দেখা গ'ল । যোৱা কেইবাটাও দশকধৰি এই উদ্যানত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰি আহিছিল যদিও আজি তাৰ বিপৰীত দৃশ্য দেখা গৈছে। কম সংখ্যক লোকে মহাবীৰ গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-17-11-03.jpeg)
ইফালে শিৱসাগৰৰ উচ্চ শিক্ষানুষ্ঠানতো বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত আজি "লাচিত দিৱস" দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু বীৰ লাচিত বৰফুকন জন্মস্থান সংৰক্ষণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা দিৱসৰ পুৱা লাচিত বৰফুকন জন্মস্থান শুকতি আলিত বন্তি প্ৰজ্বলন,স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। সংৰক্ষণ সমিতিৰ সম্পাদক ড০ সীমান্ত বৰুৱাই আঁতধৰা অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে হাঁহচৰা শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত মেচে আৰু বন্তি প্ৰজ্বলন কৰে সম্পাদিকা পাপৰি সন্দিকৈয়ে। ইয়াৰ পাছতেই বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দিপালী চলিহাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-17-12-50.jpeg)
এই উপলক্ষে অনুষ্ঠিত সভাত বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পংকজজ্যোতি হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যাপক নৱজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠানত ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক পবিত্ৰ বড়াই শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা আছিল নে নাই তেওঁ এই বিষয়ত মন্তব্য নকৰোঁ বুলি কয়। যিহেতু পাইক প্ৰথাত হাজাৰত হাজৰিকাক দ্বায়িত্ব দিয়া ১৮ জন হাজৰিকাই যুদ্ধ কৰিছিল বুলি উল্লেখ কৰে। তাৰ যিকোনো এজন বাঘ হাজৰিকা হ'ব পাৰে বুলি কয়। ৰামসিংহৰ বিশাল বাহিনীক পৰাস্ত কৰা বীৰ লাচিত বৰফুকনক এই বিতৰ্কলৈ আনি তেওঁৰ বীৰত্বক অৱনমিত কৰাহে হয় বুলি তেওঁ উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-17-13-39.jpeg)
আনফালে যোৱা কেইটামান দিনৰ পূৰ্বে নগাঁৱত পোৱা মানুহৰ হাড়-মূৰ সমূহ বীৰ লাচিত বৰফুকনৰ সেনা আৰু ৰামসিংহৰ মাজত হোৱা ভয়ংকৰ আলৱৈ যুদ্ধৰ সময়ত মৃত্যু হোৱা ১০ হাজাৰ অসমীয়া সৈন্যৰো হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে লগতে অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us