/asomiyapratidin/media/media_files/2026/02/23/ap-new-webvdvdvfd-2026-02-23-22-24-07.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশাসনে সকলো বৈধ মাৰনাস্ত্ৰ জমা দিয়াৰ বাবে সাতদিন সময় বান্ধি দিয়াৰ সময়তে শিৱসাগৰ চহৰত বিলাসী গাড়ীত অবৈধ মাৰণাস্ত্ৰ লৈ দুজন ব্যক্তিয়ে টিঘিলঘিলাই ফুৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-2026-02-23-22-24-28.jpeg)
আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে চহৰৰ পৰিবহণ নিগম তিনিআলিত আমগুৰিৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা এখন ফৰ্চুনাৰ বাহন জব্দ কৰে। ডিএল ৩ চিবিডি ৭২০৮ নম্বৰৰ বাহনখনৰ পৰা শিৱসাগৰ আৰক্ষীয়ে এটা পিষ্টল আৰু এটা খালি মেগজিন উদ্ধাৰ কৰে। উক্ত অবৈধ মাৰণাস্ত্ৰ সৰৱৰাহ কৰা যোৰহাট চেলেংহাট থানাৰ অন্তৰ্গত পদুমনি জাপিসজীয়া গাঁৱৰ পল্লৱ শইকীয়া ওৰফে মুন আৰু যোৰহাট টিয়কৰ ভৰত শইকীয়াক আৰক্ষীয়ে আটক কৰিছে।
ইয়াৰে ভৰত শইকীয়া ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান হোৱাৰ বিপৰীতে পল্লৱ শইকীয়া ওৰফে মুন গাহৰি চিণ্ডিকেটৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। কি অভিপ্ৰায়ত এইদৰে অবৈধ মাৰাণাস্ত্ৰ সৰৱৰাহ কৰা হৈছিল সেইয়া স্পষ্ট নহয় যদিও পৰৱৰ্তী সময়ত কৰা অনুসন্ধানৰ পাছতহে জানিব পৰা যাব বুলি আৰক্ষী প্ৰশাসনে জানিব দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us