/asomiyapratidin/media/media_files/2025/09/22/cfxcdfadassxdas-2025-09-22-13-09-03.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ শিশু ফুটবল ক্লাবৰ সদস্য ৰিহান আহমেদে ছাউথ এছিয়া ফুটবল ফেডাৰেচনত (ছাফ ১৭ অনূৰ্ধব ফুটবল চেম্পিয়নশ্বিপ ) ভূটানক দৃষ্টিনন্দন গ’লেৰে প্ৰতিভাৰ উমান দিলে ৷ ১৫ ছেপ্টেম্বৰৰ ছাফ গেইম খেলাৰ বাবে শ্ৰীলংকালৈ ৰাওনা হৈছিল ৰিহান ৷ ৰিহানে ভূটান দলক গ’ল দিয়া খবৰে অসমৰ ফুটবলপ্ৰেমী সকলক উৎসাহিত কৰিছে ৷
উল্লেখ্য যে, শিৱসাগৰ দিখৌ দলঙৰ সমীপৰ আমগুৰি গাঁৱৰ চিৰাজউদ্দিন আহমেদ আৰু আৰিফা বেগমৰ পুত্ৰ ৰিহান আহমেদ ৷ প্ৰায় ১৪ বছৰীয়া ৰিহানে দুভৰিৰ যাদুৰে দেশৰ আগশাৰীৰ ফুটবল খেলুৱৈ সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ পাঁচ বছৰ বয়সৰ পৰাই ফুটবল খেলিছে ৰিহানে ৷ ক্ৰীড়া সংগঠক অনিল আচাৰ্যই সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহাৰ সাহস আৰু প্ৰেৰণাত এটা দশকৰ পূৰ্বেই শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত এজাক শিশুক ফুটবল শিকাই বিশ্বৰ ফুটবলৰ জগতখনত অসমৰ নাম উজ্বলোৱাৰ শিশু ফুটবল ক্লাব খুলিছিল ৷
এজাক শিশুক লৈ আৰম্ভ হৈছিল ফুটবলৰ প্ৰশিক্ষণ ৷ প্ৰায় পাঁচ বছৰীয়া ৰিহান আহমেদৰ নাম সংযোজন ঘটিছিল শিশু ফুটবল ক্লাবত ৷ ফুটবল পালেই আন সকলো পাহৰি যোৱা ৰিহানক অনিল আচাৰ্যই পাঁচ বছৰ বয়সতেই চিনাক্ত কৰিছিল ৷ বাস্তৱত ৰিহানে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ফুটবল টুৰ্ণামেণ্টত ভাৰতীয় কিশোৰ ফুটবল দলৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হ’ল ৷ বৰ্তমান অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰিহান আহমেদে ২০২৩ চনত পিলিক চৌধুৰী স্কুল টৰ্নামেন্টত ফুটবল খেলাৰ সুযোগ লাভ কৰিছিল ৷ ৰিহানে সুযোগৰ অপব্যৱহাৰ নকৰিলে ৷ এনে এটা “বাইচাইকেল কিক” মাৰি গ’ল কৰিলে যে, দেশৰ আগশাৰীৰ খেলুৱৈ সকল মন্ত্ৰমুগ্ধ হ’ল ৷ ৰেকৰ্ড হ’ল এই কিক ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সম্পাদক অনিল কুমাৰ প্ৰভাকৰণে ৰিহানৰ কিকটোৰ সন্দৰ্ভত টুইট কৰিলে ৷
ইয়াৰ পাছতে খেলুৱৈ ৰিহানক ‘সুব্ৰত কাপ’ লৈ নিৰ্বাচিত কৰিলে ৷ বাংগালোৰত অনুষ্ঠিত সুব্ৰত কাপত চমক সৃষ্টি কৰিলে শিৱসাগৰীয়া সন্তানে৷ ৰিহানৰ দুভৰিৰ যাদুত আগশাৰীৰ ফুটবল খেলুৱৈ সন্তুষ্ট হ’ল ৷ খেলুৱৈ গৰাকীক ফিফা একাডেমিলৈ নিৰ্বাচিত কৰা হ’ল ৷ শিৱসাগৰৰ ঘৰ তথা বিদ্যালয় এৰি ৰিহান ফিফা একাডেমিৰ উৰিষ্যাৰ কেন্দ্ৰ পালেগৈ ৷ তাত ফুটবলৰ কঠোৰ অনুশীলন কৰি গোৱাত অনুষ্ঠিত ১৭ বছৰ অনুদ্ধ টিমত খেলাৰ সুযোগ পালে ৷ সুযোগৰ সৎ ব্যৱহাৰ কৰিলে ৰিহানে ৷ ৰিহান নিৰ্বাচিত হ’ল ছাউথ এছিয়া ফুটবল ফেডাৰেচন ( SAFF ) ৰ প্ৰতিযোগিতালৈ ৷ The South Asian Countries Football League ( Under 17 Age Group) ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছে অসম সন্তান ৰিহান আহমেদে ৷ ১৮ ছেপ্টেম্বৰৰ আৰম্ভ হোৱা এই খেল অহা ২৭ ছেপ্টেম্বৰলৈকে শ্ৰীলংকাত চলিব ৷
প্ৰতিভা বিকাশৰ লগতে অসমৰ নাম উজলোৱাৰ আশা বুকুত বান্ধি শ্ৰীলংকাত উপস্থিত হোৱা ৰিহানক মালদ্বীপৰ লগত হোৱা খেলত ভাগ ল’বলৈ দিয়া নাছিল ৷ কালি দ্বিতীয়খন খেল ভাৰত আৰু ভূটানৰ মাজত অনুষ্ঠিত হৈছিল। বিৰতিৰ সময়ত ৰিহানক খেলিবলৈ সুযোগ দিয়া হৈছিল ৷ খেলপথাৰত নামিয়েই ৰিহানে দিলে এটা দৃষ্টিনন্দন গ’ল ৷ এই গ’লেৰে ১ গ’লত জিকিল ভাৰত ৷ এই খবৰে এতিয়া সকলোকে উৎসাহিত কৰিছে ৷