/asomiyapratidin/media/media_files/2025/11/26/2-2025-11-26-23-18-32.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত একাংশ দৃষ্টিহীন যুৱক যুৱতীয়ে মঞ্চত কৰা নাট পৰিৱেশন কৰি তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে ৷ তেওঁলোকৰ অভিনয়ে সকলোকে অভিভূত কৰে ৷ নাট্যকাৰ ৰূপক ভূঞাৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ হোৱা “এখন অন্ধ সমাজ আৰু এটা জাতিৰ কাহিনী” শীৰ্ষক নাটখনত দৃষ্টিহীন যুৱক যুৱতী সকলে সুন্দৰ অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ এই নাট্যনুষ্ঠান উদ্বোধন কৰে অসমীয়া ধাৰাবাহিক আৰু চুটি কথাছবিৰ অভিনেত্ৰী বিজয় লক্ষ্মী শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানত জাতীয় সাংস্কৃতিক বৰভেটি অসমৰ ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷ নাটকখনৰ বিভিন্ন চৰিত্ৰত পাপৰি গগৈ, শংকৰ দাস, মনোজ পাটৰ, বৰ্ণালী ফুকন, ইয়াচমিনা বেগম, আবু চামিম আহমেদ, উৰ্ম্মি চালমা,কৰিশ্মা গগৈ, ভৃগু কুমাৰ গগৈ আৰু পংকজ নাথে সাৱলীল অভিনয় কৰে। নাটকৰ অন্তত অভিনেতা অৰ্ণৱ বৰদলৈয়ে নাট্যকাৰৰ লগতে অভিনেতা সকলক ভূয়সী প্ৰশংসা কৰে ৷
উল্লেখ্য যে দৃষ্টিহীন অভিনেতা অভিনেত্ৰী সকলে মঞ্চত দৃষ্টিশক্তি থকা অভিনেতা সকলৰ দৰেই কোনো খোকোজা নলগাকৈ অভিনয় কৰি দৰ্শকক আচৰিত কৰি তুলে ৷ তেওঁলোকৰ সংলাপ নিক্ষেপৰ পৰা আৰম্ভ কৰি আন আন দিশ সমূহে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ যি সময়ত হাজাৰ হাজাৰ দৃষ্টিহীন যুৱক যুৱতীয়ে ঘৰৰ ভিতৰতেই চলাফুৰা কৰাৰ বাবে আনৰ সহায় ল’ব লগীয়া হৈছে ঠিক তেনে সময়তে দৃষ্টিহীন যুবক যুৱতীয়ে কাৰো সহায় নোলোৱাকৈ মঞ্চত অভিনয় কৰা বিষয়টোক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷
তাৰোপৰি জাতীয় সাংস্কৃতিক বৰভেটি অসমৰ সাংস্কৃতিক বিভাগে অসম তথা ভাৰতৰ ভিতৰতে প্ৰথম বাৰৰ বাবে আয়োজন কৰে দৃষ্টিহীন লোকৰ আৱাসিক নাট কৰ্মশালা । ৰাজ্যখনৰ নলবাৰী, মৰিগাঁও, জাগীৰোড, নগাঁও, তেজপুৰ , যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ সহিতে কেইবাটাও স্থানৰ পৰি বিচাৰি উলিওৱা ২৫ গৰাকী দৃষ্টিহীন যুৱক যুৱতীক নাট কৰ্মশালাত মঞ্চত কিদৰে নাটকত অভিনয় কৰা হয় এই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত দৃষ্টিহীন যুৱক যুৱতী সকলৰ মাজৰ পৰা ১০ গৰাকী প্ৰশিক্ষাৰ্থীক বাচনি কৰি তেওঁলোকৰ দ্বাৰা নাটক মঞ্চস্থ কৰা হয়। শিৱসাগৰ চহৰত থকা হিন্দু ধৰ্মসভা নামঘৰৰ পেক্ষাগৃহত মঞ্চস্থ কৰা নাটখন পৰিচালনা কৰে নাট্যকাৰ ৰূপক ভূঞাই ৷'এখন অন্ধ সমাজ আৰু এটা জাতিৰ কাহিনী' নাটক খনত দৃষ্টিহীন অভিনেতা- অভিনেত্ৰী সকলৰ সংলাপ আৰু অভিনয়ৰ যোগেদি নাট্যকাৰ ৰূপক ভূঞাই বহুধা বিভক্ত অসমীয়া জাতিটোক কঠোৰ ভাষাৰে আলোচনা কৰে । এই অৱস্থাৰ বাবে অসমীয়া ৰাইজকে দোষাৰোপ কৰা হৈছে । নাটকখনত অভিনয় কৰা দৃষ্টিহীন লোকসকলে সংলাপৰ যোগেদি এই বাৰ্তা দিছে যে— যি সকল অসমীয়া লোকে অসমীয়া জাতিটোৰ অস্তিত্ব , ভাষা সংস্কৃতি বিপন্ন হোৱাৰ পৰতো মৌন হৈ থাকে সেই সকলহে বাস্তৱত দৃষ্টিহীন । সেই সকলৰ অন্ধত্বৰ বাবে জাতিৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আহিছে ।
প্ৰাণিধানযোগ্য যে অসমৰ বিভিন্ন দল সংগঠনৰ কাম কাজক লৈ মাত নমতাটোও অন্ধত্ব বুলি নাট্যকাৰ ৰূপক ভূঞাই স্পষ্ট ভাষাৰে সকীয়াই দিছে । সমাজত চলি থকা অন্যায় অবিচাৰৰ বিৰুদ্ধে মৌন হৈ জাতীয় অস্তিত্ব বিপন্ন হ’বলৈ এৰি দিয়াটো অন্ধত্বৰ বাদে আন একো নহয় তাক দৃষ্টিহীন অভিনেতা -অভিনেত্ৰী সকলৰ যোগেদি নাট্যকাৰে বাৰ্তা দিছে । অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক এক কৰি এখন নতুন অসম গঢ়াৰ পোষকতা কৰাৰ বাবে অন্ধত্ব পৰিহাৰ কৰাৰ আহ্বান নাটকৰ যোগেদি জনোৱা হৈছে ৷ দৃষ্টিহীন সকলে এনে এখন সমাজ বিচাৰিছে য'ত কোনো ধৰ্মীয় বিভেদ আৰু জাত পাতৰ ভেদাভেদ নেথাকে । থাকিব কেৱল মানুহ মানুহ আৰু মানুহ । নাটখনত প্ৰেম ভালপোৱা আৰু অভাৱগ্ৰস্তাৰ প্ৰতিচ্ছবি দৃষ্টিহীন অভিনেতা অভিনেত্ৰী সকলে ফুটাই তুলিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us