/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-2026-02-02-20-59-13.jpeg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম ৰাজ শাসনৰ স্বৰ্ণিল ঐতিহ্য বহন কৰি অহা শিৱসাগৰ আজি বৈকুণ্ঠ ধামলৈ পৰিণত হ'ল। সতী জয়মতীৰ স্বামী ভক্তিৰ সৈতে বুৰঞ্জীত সমানে উচ্চাৰিত হোৱা জেৰেঙা পথাৰত আজি দিহানাম পোন্ধৰ সহস্ৰাধিকৰ একত্ৰ কণ্ঠ স্বৰত পৰিবেশন হোৱাত ভক্তি ভাৱত লীন হ'ল ৰাইজ।
ৰাজ্যৰ গাঁৱে ভূঞেঁ সৰ্বাধিক জনপ্ৰিয় দিহা নামে আজি ৱল্ড ৱাইড বুকছ অফ ৰেকৰ্ডত নিজৰ নাম অন্তভূক্তি কৰিবলৈ সক্ষম হয়। "ৰত্নগৰ্ভা তেজস্বিনি ফাউণ্ডেশ্যনৰ" উদ্যোগত দিহানামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতাৰ উদ্যোগত দিহা নামত বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসেৰে আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত উক্ত স্বীকৃতি আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫,৫৫৫ গৰাকী নামতিয়ে একেলগে দিহা নাম পৰিৱেশন কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে। অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলেনেৰে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে আউনি আটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীয়ে।
শুভ উদ্বোধন কৰি সত্ৰাধিকাৰ গৰাকীয়ে সতী জয়মতীক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা লগতে সতী জয়মতীয়ে নিজৰ স্বামীৰ কাৰণে দেহ ত্যাগ কৰি যি নিৰ্দশন দাঙি ধৰিলে সেয়া মানৱীয় মূল্যবোধৰ অন্যতম দৃষ্টান্ত বুলি অভিহিত কৰে। ইয়াৰ উপৰি সত্ৰাধিকাৰ গৰাকীয়ে কয় যে, প্ৰতিগৰাকী নাৰী পতিব্ৰতা বুলিয়ে পৰিচিত। পতিব্ৰতা এগৰাকী নাৰীয়ে সন্তানৰ উপৰি স্বামীক আহাৰ প্ৰদানৰ বেলিকা মাতৃৰ ভূমিকা, স্বামীৰ কায্যত দাসীৰ দৰে সহায় কৰে, শয়নৰ সময়ত স্বামীৰ কাষত ৰম্ভাৰ দৰে সহৱস্থান আৰু বিপদত কালত মন্ত্ৰী ভূমিকা পালন কৰে। সেয়েহে পতিব্ৰতা ত্যাগৰ মন্ত্ৰৰে প্ৰতিগৰাকী নাৰীয়ে সামাজিক মূল্যবোধ ৰক্ষা কৰাৰ সংকল্প লোৱা উচিত বুলি মন্তব্য কৰে।
দিহানামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতাই আতঁ ধৰা উক্ত অনুষ্ঠানত উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক তথা সংগীত নাটক অকেডেমিৰ বঁটা প্ৰাপক ডা:প্ৰসন্ন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীক সত্ৰ প্ৰদীপ উপাধি প্ৰদান কৰে।
ইয়াৰ উপৰি আন বহুকেইগৰাকী ব্যক্তিক বিভিন্ন উপাধি প্ৰদানেৰে সন্মান জনোৱা হয়। তাৰে যোৰহাটৰ বদন মলিয়াক মৰনোত্তৰভাৱে দিহানামৰ ৰত্ন উপাধি, শিৱসাগৰৰ ক্ৰমে অচ্যুত চুতীয়াক গণবন্ধু বঁটা, জুৰি দত্তক উদ্যোগী বঁটা, ফণীধৰ গগৈক ভাওনা বাদ্য সম্পদমহীৰূহ উপাধি, মন ৰাজগুৰুক ভাগৱত আচাৰ্য্য বঁটা, বিশ্বজিৎ গগৈক লোকবাদ্য মহীৰূহ উপাধি, ৰণুমী বৰাক দিহানাম জ্যোতি বঁটা, শ্ৰীমন্ত দত্তক জনহিতৈষী বঁটা, পাৰ্থ প্ৰতীম বৰাক সমাজ সেৱা বঁটা, ডিমুৰ লোহিত সন্দিকৈক ভাগৱত আচাৰ্য বঁটা, মাজুলীৰ তুলসী ৰাজখোৱাক সত্ৰ সেৱক উপাধি, টিয়কৰ দিগন্ত শইকীয়াক সত্ৰীয়া সংস্কৃতি সাধক বঁটা, গুৱাহাটীৰ ড°দীপেন দাসক লোক সংস্কৃতি সাধক বঁটা, যোৰহাটৰ মাধুৰীমা বৰুৱাক লোক শিল্পী বঁটা, নগাঁওৰ ড°ৰাজশ্ৰী বৰাক সাহিত্য সৌৰভ বঁটা, ধেমাজিৰ দেৱজিত বৰাক জনহিতৈষী বঁটা আৰু নাৰায়নপুৰৰ অৰুণ বনিয়াক সমাজ সেৱক বঁটা প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানটোত ৱল্ড ৱাইড বুকছ অফ ৰেকৰ্ডৰ দুজনীয়া প্ৰতিনিধি দলটোৰ ভিনিত এন বি আৰু সিন্ধুজা ভি এন নামৰ প্ৰতিনিধি দুগৰাকী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us