/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-22-57-11.jpeg)
ডিজিটেল ডেস্কঃ ১৮৪৫ চনত নাথান ব্ৰাউন সহিতে একাংশ মিচনেৰীয়ে প্রতিষ্ঠা কৰা পালক হিচাপে সকলো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ শিৱসাগৰ পুখুৰীপাৰস্থ কেন্দ্রীয় ব্যাপ্তিষ্ট গীৰ্জাত আজি বৰদিন উদযাপন কৰা হয়। বিগত সময়ছোৱাত এই গীৰ্জাঘৰত বিভিন্ন সময়ত বর্ণাঢ্য কাৰ্যসূচীৰে উলহ-মালহেৰে বৰদিন পালন কৰি আহিছে যদিও এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপেক্ষিতত অনুষ্টুপীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-22-55-48.jpeg)
কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি আলোকসজ্জা আৰু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰি ধৰ্মীয়-পৰম্পৰাগত ৰীতি-নীতিকেই সাৰোগত কৰি পালন কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। পুৱা দহ বজাৰ পৰা দুপৰীয়া প্রায় ১ বজালৈকেহে কার্যসূচীসমূহ ৰূপায়ণ কৰে। কিন্তু সন্ধ্যা অহা লোকসকলক মমবাতি জ্বলোৱাত বাধা দিব নোৱাৰে, সেয়ে গীৰ্জাঘৰ খোলা ৰখাৰ ব্যৱস্থা কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-202-2025-12-25-22-56-02.jpeg)
আজি উপাসনা আৰু প্রশংসা গীত পৰিৱেশনৰ লগতে বৰদিনৰ শুভবাৰ্তা প্ৰেৰণ কৰে পালক বীৰেন গোৱালাই। আনহাতে ডিমৌমুখ, ধাইবাৰী, ৰজাবাৰী, লিগিৰিবাৰী, বেতবাৰীকে ধৰি মণ্ডলীসমূহে সমূহীয়াভাবে ব্যাপ্তিষ্ট চাৰ্চত আয়োজন কৰি মানৱ জাতিৰ বাবে শুভবাৰ্তা প্ৰেৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us