ডেৰমী পেগুৰ ‘দঃয়িংঃ’ শীৰ্ষক গ্ৰন্থ উন্মোচন সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনৰ...

সাহিত্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুন  শিৱসাগৰ চহৰৰ সেউপুৰস্থিত বাসগৃহত আজি বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা লেখিকা ডেৰমী পেগুৰ ‘দঃয়িং’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়৷

author-image
Asomiya Pratidin
New Update
jdjjdd

ডিজিটেল সংবাদ,  শিৱসাগৰঃ  সাহিত্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুন  শিৱসাগৰ চহৰৰ সেউপুৰস্থিত বাসগৃহত আজি বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা লেখিকা ডেৰমী পেগুৰ ‘দঃয়িং’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়৷

সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে গ্ৰন্থখন উন্মোচন কৰি কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ লুপ্ত হ’বলৈ ধৰা লোককথাসমূহ বৰ্তমান লেখক-লেখিকাই যদি মনোযোগ দিয়ে তেতিয়া সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহজ হৈ পৰিব৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত যোৰহাট জগন্নাথ বৰুৱা বিদ্যাবিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই ভাৰতীয় লোক সাহিত্যৰ বিষয়ত গভীৰভাৱে আলোকপাত কৰাৰ লগতে গ্ৰন্থখনৰ লেখিকা ডেৰমী পেগুক এনে ধৰণৰ সাহিত্য-কৰ্ম কৰি যাবলৈ উদ্‌গনি যোগায়৷

ন্যাসক সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নাহেন্দ্ৰ পাদুনৰ দুটি গীত অনাতাঁৰ শিল্পী সুৰুয কুমাৰ পাতিৰি আৰু দীপ্তিৰাণী পেগুয়ে পৰিৱেশন কৰে৷  ন্যাসৰ সচিব সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানত আবৃত্তিকাৰ দীপান্বিতা বৰাই সাহিত্যিক পাদুনৰ এটি কবিতা পাঠ কৰাৰ লগতে লেখিকা ডেৰমী পেগুৱে উক্ত গ্ৰন্থখনৰ বিষয়ত চমুকৈ বক্তব্য প্ৰদানৰ লগতে ন্যাসৰ উপ-সভাপতি পোনাৰাম মিলি, ড॰ পবিত্ৰ কুমাৰ পেগু আদিয়েও মনৰ অনুভৱ ব্যক্ত কৰে৷

পবিত্ৰ পেগুয়ে শলাগ জ্ঞাপন কৰা সভাত বিশিষ্ট অতিথি হিচাপে ড॰ প্ৰশান্ত কুমাৰ চুতীয়া, বিনোৱা টায়ে, হিমাদ্ৰীজ্যোতি দত্ত, মনেশ্বৰ মিলি, গংগামোহন মিলি,  চাদিকুৰ ৰহমান, সূৰ্যকান্ত দাস, উত্তম বড়ি, ৰাজেন মিলি, ব্ৰজেন ফুকন, সত্যপ্ৰভা গগৈ, দেৱযানী মহন্ত, বিদ্যা পাতিৰি, অৰুণা চেতিয়া খাটনিয়াৰ, বীণা বৰুৱা, ইলা মহন বুঢ়াগোহাঁই, কল্পনা কটকী, মেঘালী হাজৰিকা কাকতি, নিৰু চেতিয়া হাজৰিকা, বীণাপানি পাদুন, ইলোৰা ভাগৱতী, কল্পনা দত্ত, অশ্ৰুমণি দত্ত ঘোষ, উজ্জ্বল কুমাৰ ঠাকুৰ, অঞ্জন টায়ে, মনোৰঞ্জন কাগয়ূং উপস্থিত থাকে৷

শিৱসাগৰ