/asomiyapratidin/media/media_files/2025/08/12/1-2025-08-12-10-40-43.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শাসকীয় বিজেপিয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত উজনি অসমৰ প্ৰতিটো সমষ্টি দখল কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ মধ্য অসম আৰু নামনি অসমত বিজেপিয়ে আশানুৰূপ ফল প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাৰ আশংকা কৰি গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, লখিমপুৰ, ধেমাজী সহিতে ৩১ টা সমষ্টি দখলেৰে চৰকাৰ গঠনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ এই সমষ্টি সমূহৰ ভিতৰত শাসকীয় বিজেপিয়ে শিৱসাগৰ সমষ্টিক অধিক গুৰুত্ব প্ৰদান কৰিছে ৷
উল্লেখ্য যে, শিৱসাগৰ সমষ্টি কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হাতত আছে ৷ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত অখিল গগৈ কাৰাগাৰত বন্দী হৈ আছিল ৷ শিৱসাগৰীয়া জনসাধাৰণে অখিল গগৈক নিৰ্বাচনত জয়ী কৰাই কাৰাগাৰৰ পৰা মুকলি কৰাই আনিছিল ৷ হ’লেও বিজেপি আৰু আৰ এচ এচৰ ভিতৰুৱা সমীক্ষা অনুসৰি শিৱসাগৰ সমষ্টিত অখিল গগৈৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৱে চূড়ান্ত পৰ্যায় পাইছেগৈ ৷
অখিল গগৈয়ে উন্নয়নমূলক কামকাজৰ দ্বাৰা ভোটাৰক ধৰি ৰাখিবলৈ চেষ্টা চলাইছে যদিও বিজেপিয়ে সমষ্টিটোত অখিল গগৈ পৰাজিত হ’ব বুলি ধৰি লৈছে ৷ তাতে গাঁও পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছ দল বেয়াকৈ পৰাজিত হোৱাত বিজেপি উৎসাহিত হৈ পৰিছে ৷
বাস্তৱত শিৱসাগৰ জাতীয়তাবাদী লোকৰ ভেটি ৷ জাতীয়তাবাদৰ ভেটি থানবান নহ’লে বিজেপিয়ে এই সমষ্টি দখল কৰিব নোৱাৰে শাসকীয় বিজেপিৰ ষড়যন্ত্ৰতে কেইবাটাও সংগঠনৰ প্ৰতি মানুহৰ বিশ্বাস ভংগ হৈছে ৷ শিৱসাগৰৰ সংগঠন সমূহে ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থকাৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰি আহিছে ৷
যিহেতু অসমীয়াৰ হাতৰ পৰা বহিৰাগত আৰু অনা অসমীয়াই কৌশলেৰে মাটিবাৰী নিজৰ হাতলৈ নিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গৰিষ্ঠসংখ্যক মাটিৰ গৰাকী এতিয়া বহিৰাগত গোষ্ঠী ৷ এগৰাকী কেবিনেট মন্ত্ৰীয়ে দল সংগঠন সমূহক এই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহুৱাই দিয়াৰ আশ্বাস দিছিল ৷ কিন্তু ৰাজনীতিৰ পাশা খেলত এইবোৰ বিষয় তল পৰিল ৷
তিনিটা সংগঠনে আৰম্ভ কৰিলে মিঞা খেদা আন্দোলন ৷ পৰিবেশ উত্তাল হ’ল ৷ ভূমিৰ অধিকাৰৰ কথা কলে এতিয়া একাংশৰ গাত বিছাই ডকাদি ডাকে ৷ বহিৰাগতৰ লুণ্ঠনৰ নামেই শুনিবই নিবিচাৰে ৷ মুখ্যমন্ত্ৰীয়ে নিজ মুখে শিৱসাগৰত তেওঁ পৰিবেশ উত্তাল কৰোৱাৰ কথা স্বীকাৰ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা কামকৰা তথাকথিত নেতাৰ কৰ্মকাণ্ডক মানুহে সন্দেহ কৰাটো স্বাভাৱিক ৷ যিহেতু মিঞা খেদা নেতাই কোনো স্পষ্টীকৰণ দিয়া নাই ৷
এনেবোৰ সুযোগ গ্ৰহণ কৰি শাসকীয় বিজেপিয়ে শিৱসাগৰ সমষ্টি দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ বিজেপিক লাগে শিৱসাগৰ সমষ্টিত জয়ী হ’ব পৰা এখন উজ্বল মুখ ৷ মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন বিধায়ক কুশল দুৱৰীক শিৱসাগৰ সমষ্টিত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰাৰ পৰামৰ্শ দিছিল ৷ কিন্তু শিৱসাগৰত মানুহে কুশল দুৱৰীক কিমান আন্তৰিকতাৰে আকোঁৱালি ল’ব তাকলৈ বিজেপিৰ শিবিৰতেই প্ৰশ্ন উঠিছে ৷
বিজেপিয়ে ২০২৬ চনৰ নিৰ্বাচনৰ বাবে শিৱসাগৰ সমষ্টিত নতুন মুখৰ সন্ধান কৰিছে ৷ সেই নতুন মুখ বিতোপন দেউৰীৰ হয়নে প্ৰশান্ত প্ৰতীম কাঠকটীয়াৰ হয় তাক লৈ সৰ্বত্ৰ আলোচনা চলিছে ৷ উল্লেখ্য যে প্ৰশান্ত প্ৰতীম কাঠকটীয়া এগৰাকী প্ৰশাসনীয় বিষয়া ৷ এ পি এচ চি পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ প্ৰশান্ত প্ৰতীম কাঠকটীয়াৰ ঘৰ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত জয়সাগৰত ৷ জনমানসত তেওঁৰ ভাৱমূৰ্ত্তি উজ্জ্বল ৷ সকলো ফালৰ পৰা সমীকৰণ মিলিলে প্ৰশান্ত প্ৰতীম কাঠকটীয়াই চাকৰি ত্যাগ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
আনহাতে বিতোপন ৰাইদঙ্গীয়া শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ৷ বিজেপিৰ প্ৰবীন কৰ্মী ৷ জনমানসত তেওঁৰো ভাৱমূৰ্ত্তি উজ্বল ৷ এনে পৰিস্থিতিত কোন গৰাকীক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰে ই হ’ব লক্ষণীয় হ’ব ৷