শিৱসাগৰ সমষ্টিত অখিল গগৈক চক্ৰবেহুত বন্দী কৰাৰ প্ৰচেষ্টা বিজেপিৰ...

বিজেপিৰ চক্ৰবেহু ফালি দিয়াৰ হুংকাৰ দিয়ে ৷ আনকি শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, পীয়ূষ হাজৰীকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁৰ বিৰুদ্ধে শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলেও থিয়ৈ থিয়ৈ হাৰিব বুলি দৃঢ়তাৰে কয় ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-17 at 5.57.46 PM

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক একপ্ৰকাৰ চক্ৰবেহুত বন্দী কৰাৰ বাবে উঠি পৰি লাগিছে শাসকীয় বিজেপিৰ নেতা, পালিনেতাসকল ৷ সকলো ফালৰ পৰা অখিল গগৈক বিজেপিয়ে আগুৰি ধৰিছে যদিও ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে হাতে-কামে লাগি থকা অখিল গগৈয়ে কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা সম্পূৰ্ণ হোৱা নাই কিন্তু তাৰ মাজতে নিজৰ বল-শক্তিক মূলধন কৰি আগন্তুক নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাইজৰ দল।

শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিক কূট-কৌশল কি হ'ব সেই সন্দৰ্ভত ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃত্বৰ মাজত অখিল গগৈয়ে এক মন্ত্ৰণা সভা অনুষ্ঠিত কৰে। য'ত দলৰ সভাপতি, বৰ্তমানৰ বিধায়ক তথা সমষ্টি পুনৰনিৰ্ধাৰণৰ মাজেৰে পুনৰ গঠিত ৯৬ নং শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ উপস্থিত থাকি বিজেপিৰ চক্ৰবেহু কিদৰে নিস্ফল কৰিব পাৰে তাৰ মন্ত্ৰনা দিয়ে। 

মন্ত্ৰণা সভাৰ অন্তত গাঁও আৰু চহৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ কথা অখিল গগৈয়ে ব্যক্ত কৰে ৷ বিজেপিৰ চক্ৰবেহু ফালি দিয়াৰ হুংকাৰ দিয়ে ৷ আনকি শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, পীয়ূষ হাজৰীকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁৰ বিৰুদ্ধে শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলেও থিয়ৈ থিয়ৈ হাৰিব বুলি দৃঢ়তাৰে কয় ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ বিজেপি প্ৰস্তুত বুলি ঘোষণা কৰাৰ পিছতেই শিৱসাগৰসহিতে উজনি অসমৰ গৰিষ্ঠসংখ্যক সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰয়াসী নেতা, পালিনেতাসকল উৎসাহী হৈ পৰিছে ৷ শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ আশাৰে বিজেপিৰ ১০ গৰাকীৰো অধিক নেতা কৰ্মীয়ে কুচকাৱাজ আৰম্ভ কৰিছে ৷  

অহা বিধানসভা নিৰ্বাচনত উজনি অসমৰ  প্ৰতিটো সমষ্টি দখল কৰাৰ বাবে শাসকীয় বিজেপিয়ে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ মধ্য অসম আৰু নামনি অসমত বিজেপিয়ে আশানুৰূপ ফল প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাৰ আশংকা কৰি গোলাঘাট, যোৰহাট, শিৱসাগৰ, নাজিৰা, টিয়ক, মাহমৰা, সোণাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, লখিমপুৰ, ধেমাজী সহিতে ৩১ টা সমষ্টি দখলেৰে চৰকাৰ গঠনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷

এই সমষ্টি সমূহৰ ভিতৰত শাসকীয় বিজিপিয়ে শিৱসাগৰ সমষ্টিক অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ শিৱসাগৰ সমষ্টি কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হাতত আছে ৷ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত অখিল গগৈ কাৰাগাৰত বন্দী হৈ আছিল ৷

শিৱসাগৰীয়া জনসাধাৰণে অখিল গগৈক নিৰ্বাচনত জয়ী কৰাই কাৰাগাৰৰ পৰা মুকলি কৰাই আনিছিল ৷ শিৱসাগৰ সমষ্টিত এতিয়াও অখিল গগৈৰ প্ৰভাৱ আছে ৷ বাকী দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা লোকসকলৰ ভিতৰত অখিল গগৈৰ জনপ্ৰিয়তাই অধিক ৷

অখিল গগৈয়ে উন্নয়নমূলক কামকাজৰ  দ্বাৰা ভোটাৰক ধৰি ৰাখিবলৈ চেষ্টা চলাইছে ৷ ইফালে গাঁও পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছ দল বেয়াকৈ পৰাজিত হোৱাত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা একাংশ লোক উৎসাহিত হৈ পৰিছে ৷

কিন্তু গাঁও পঞ্চায়ত নিৰ্বাচনৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনত বিশেষ ভাৱে পৰিব বুলি ধাৰণা কৰিব নোৱাৰে ৷ বিজেপিৰ বিয়াগোম নেতাৰ সমীক্ষা অনুসৰি এইবাৰ জনপ্ৰিয় কোনো ব্যক্তিক বিজেপিয়ে শিৱসাগৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সহজেই সমষ্টিটো বিজেপিৰ হাতলৈ যাব ৷ কিন্তু এইবোৰ বিষয়লৈ ভ্ৰূক্ষেপ নকৰি  বিধায়ক অখিল গগৈয়ে ৰাইজৰ কাম কৰি গৈছে ৷

বিধানসভাৰ ভিতৰে বাহিৰে অখিল গগৈয়ে দপদপাই আছে ৷ শিৱসাগৰৰ  প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে ৷ সমষ্টিটোৰ প্ৰায় সমূহ বাটপথ ইতিপূৰ্বে নিৰ্মাণ কৰিছে ৷ শিৱসাগৰ চহৰৰ পৰা শিমলুগুৰিৰ দিশলৈ থকা বি জি ৰোড অসম মালাৰ অধীনত ১২১ কোটি আৰু ১২০ কোটি টকাৰে গজপুৰীয়া অৰ্থাৎ বৰআলি নিৰ্মাণ কৰাই থকা হৈছ ৷ ঐতিহাসিক দুবৰিয়নি আলিৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে ৷ সমষ্টিটোৰ গৰিষ্ঠসংখ্যক বাট পথত অখিল গগৈৰৰ বাবে যাতায়াত ব্যৱস্থা সুচল হৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, বাস্তৱত শিৱসাগৰ জাতীয়তাবাদী শিবিৰৰ ভেটি ৷ জাতীয়তাবাদৰ ভেটি থানবান নহ’লে বিজেপিয়ে এই সমষ্টি দখল কৰিব নোৱাৰে ৷ শাসকীয় বিজেপিৰ একাংশ নেতাৰ ষড়যন্ত্ৰতে কেইবাটাও সংগঠনৰ নেতাৰ প্ৰতি মানুহৰ বিশ্বাস ভংগ হৈছে ৷

জাতীয়তাবাদৰ নামত শাসকীয় মন্ত্ৰীৰ শ্ৰুতলিপিত কাম কৰা কেইবাটাৰ সংগঠনৰ নেতাৰ মুখা ৰাইজৰ আগত খোল খাইছে ৷ শিৱসাগৰৰ সংগঠন সমূহে ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থকাৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰি আহিছে ৷ যিহেতু অসমীয়াৰ হাতৰ পৰা বহিৰাগত আৰু অনাঅসমীয়াই কৌশলেৰে মাটিবাৰী নিজৰ হাতলৈ নিছে ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গৰিষ্ঠসংখ্যক মাটিৰ গৰাকী এতিয়া বহিৰাগত গোষ্ঠী ৷ এগৰাকী কেবিনেট মন্ত্ৰীয়ে দল সংগঠন সমূহক এই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহুৱাই  দিয়াৰ আশ্বাস দিছিল ৷ কিন্তু ৰাজনীতিৰ পাশা খেলত এইবোৰ বিষয় তল পৰিল ৷

দুই এক সংগঠনৰ কেইগৰাকীমান নেতাই বিজেপিৰ শ্ৰতলিপি মতে কাম কৰাৰ কথা সমষ্টিটোত সকলোৰে মুখে মুখে উচ্চাৰিত হৈছে ৷ ভূমিৰ অধিকাৰৰ কথা কলে এতিয়া একাংশৰ গাত বিছাই ডকাদি ডাকে ৷

বহিৰাগতৰ লুণ্ঠনৰ প্ৰসংগ শুনিবই নিবিচাৰে ৷ মুখ্যমন্ত্ৰীয়ে নিজ মুখে শিৱসাগৰত তেওঁ পৰিবেশ উত্তাল কৰোৱাৰ কথা স্বীকাৰ কৰিছে ৷ ইয়াৰ বিপৰীতে যিকোনো ইচুত সৰৱ নেতা মৌন ৷ মুখ্যমন্ত্ৰীৰ পৰিকল্পনাত কামকৰা তথাকথিত নেতাৰ কৰ্মকাণ্ডক মানুহে সন্দেহ কৰাটো স্বাভাৱিক ৷ এনেবোৰ সুযোগ গ্ৰহণ কৰি শাসকীয় বিজেপিয়ে শিৱসাগৰ সমষ্টি দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷

বিজেপিক লাগে শিৱসাগৰ সমষ্টিত জয়ী হ’ব পৰা এখন উজ্বল মুখ ৷ মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন বিধায়ক কুশল দুৱৰীক শিৱসাগৰ সমষ্টিত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰাৰ পৰামৰ্শ দিছিল ৷ কিন্তু শিৱসাগৰত মানুহে কুশল দুৱৰীক কিমান আন্তৰিকতাৰে আকোঁৱালি ল’ব তাকলৈ বিজেপিৰ শিবিৰতেই প্ৰশ্ন উঠিছে ৷

হ’লেও কুশল দুৱৰীৰে সভা সমিতিত অংশগ্ৰহণ কৰি এক প্ৰকাৰে প্ৰচাৰ অব্যাহত ৰাখিছে ৷ এক সূত্ৰ মতে বিজেপিয়ে ২০২৬ চনৰ নিৰ্বাচনৰ বাবে শিৱসাগৰ সমষ্টিত নতুন মুখৰ সন্ধান কৰিছে ৷ সেই নতুন মুখ কোন হ’ব তাকলৈ সৰ্বত্ৰে আলোচনা চলিছে ৷

বিজেপিৰ জিলা সভাপতি বিতোপন ৰায়দঙীয়া, হৰি প্ৰসন্ন হাজৰিকা , প্ৰশান্ত প্ৰতীম কাঠকটীয়া, মানসজ্যোতি সন্দিকৈ, সুৰভী ৰাজকুঁৱৰী, দিপীকা দুৱৰী, অংকিতা দত্ত, বিনীতা শইকীয়া দে, সমীৰ গগৈকে আদিকৰি ১০ গৰাকীৰো অধিক লোকে প্ৰাৰ্থিত্ব বিচাৰি কুচকাৱাজ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে প্ৰশান্ত প্ৰতীম কাঠকটীয়া এগৰাকী প্ৰশাসনীয় বিষয়া ৷ এ পি এচ চি পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ প্ৰশান্ত প্ৰতীম কাঠকটীয়াৰ ঘৰ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত জয়সাগৰত  ৷ সকলো ফালৰ পৰা সমীকৰণ মিলিলে প্ৰশান্ত প্ৰতীম কাঠকটীয়াই চাকৰি ত্যাগ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷

ইফালে হৰিপ্ৰসন্ন হাজৰিকাই যোৱা পাঁচ বছৰত সমষ্টিটোৰ চুকে কোণে সামাজিক কামকাজ অব্যাহত ৰাখিছে ৷ শিৱসাগৰ ভটিয়াপাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা ভাস্কৰজ্যোতি ছবিগৃহ, জুনস্কাই ৰিজৰ্টৰ গৰাকী ৷ শেহতীয়াভাৱে মহাৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰি অনা ইণ্ডিয়ান এয়াৰলাইনছৰ এখন পুৰণি বিমানক হোটেলৰ ৰূপ দিয়াৰ কাম অব্যাহত ৰাখিছে ৷

বিতোপন ৰাইদঙ্গীয়া শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ৷ বিজেপিৰ প্ৰবীণ কৰ্মী ৷ অংকিতা দও প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ তনয়া ৷ যোৱাটো নিৰ্বাচনত তেওঁ আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল যদিও ইতিপূৰ্বে আমগুৰি সমষ্টি বিলুপ্ত হ’ল ৷ অংকিতা দত্তই বিজেপিত যোগদান কৰি শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে ৷ দিপীকা দুৱৰী আৰু বিনীতা শইকীয়া দে য়ে প্ৰাৰ্থীত্ব লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

যুৱ ব্যৱসায়ী মানসজ্যোতি সন্দিকৈয়ে প্ৰাৰ্থিত্ব লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ সামাজিক কামকাজ অব্যাহত ৰাখিছে ৷ সমীৰ গগৈ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ পুত্ৰ ৷ তেওঁ সামাজিক কামকাজ অব্যাহত ৰাখিছে ৷ এনে পৰিস্থিতিত কোন গৰাকীক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰে ই হ’ব লক্ষণীয় হ’ব ৷

আনহাতে শিৱসাগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ শুভ্ৰমিত্ৰ গগৈ, মনোৰঞ্জন বৰগোহাঁই আৰু ভাৰতীয় শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে যদিও কংগ্ৰেছৰ সাংগঠনিক ভেটি এতিয়াও দুৰ্বল ৷ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে কোনো সুবিধা গ্ৰহণ কৰিব পৰা নাই ৷

সৰ্বসাধাৰণৰ দৃষ্টিত অখিল গগৈ ৰাইজৰ পক্ষত আছে ৷ সমষ্টিটোত ২৬৯ টা বুথ গঠনেৰে ৰাইজৰ দলে সাংগঠনিক ভেটি শক্তিশালী কৰিছে ৷ এনে পৰিস্থিতিত শিৱসাগৰ সমষ্টিত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে যুঁজ কৰিব লগাটো স্বাভাৱিক ৷ 

অখিল গগৈ