/asomiyapratidin/media/media_files/2025/08/18/fdfsdfssd-2025-08-18-13-10-29.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ ৱৰ্ল্ড ফিটনেছ ফেডাৰেচন অব যোগাসন ইণ্ডিয়াৰ উদ্যোগত কেৰেলা কুচিৰ ৰাজীৱ গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত সৰ্বভাৰতীয় স্তৰত যোগাসন প্ৰতিযোগিতাখনি যোৱা ১৩ আৰু ১৪আগষ্টত অনুষ্ঠিত হৈ যায়।
এই যোগাসন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি পাৰম্পৰিক শাখাৰ চাব জুনিয়ৰ ছোৱালী (ক) ৫-৯ বছৰ শাখাত শিৱসাগৰ জিলাৰ অভিশ্ৰুতি ভূঞাই সৰ্বভাৰতীয় স্তৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হয়। লগতে এই প্ৰতিযোগিতাৰ (Artistic,কলাত্মক) শাখাত সৰ্বভাৰতীয় স্তৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অহা অক্টোবৰ মাহত মালেছিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়।
অভিশ্ৰুতি ভূঞাই প্ৰশিক্ষক বিভূতি শইকীয়াৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। শিৱসাগৰৰ দিছিয়াল গাওঁৰ নিবাসী বিশ্ব জ্যোতি ভূঞা আৰু মিতালি দত্ত ভূঞাৰ একমাত্ৰ কন্যা অভিশ্ৰুতি। খেলুৱৈগৰাকীৰ এই সফলতাত শিৱসাগৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে।