/asomiyapratidin/media/media_files/2026/02/15/whatsapp-2026-02-15-09-28-34.jpeg)
ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয় মহা শিৱৰাত্ৰি । শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই। আজিৰ দিনটোত শিৱ পৰিয়ালৰ উপাসনা গোটেই দিনে নিশাই পূজা–অৰ্চনা কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-ima-2026-02-15-09-31-51.jpeg)
বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়। অন্য বছৰৰ দৰে এইবেলিও দুদিনিয়াকৈ আয়োজন কৰিছে মহা শিৱৰাত্ৰি পূজা। ৰাতি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মন্দিৰত। সকলো ভক্তই মনৰ বাঞ্চা পূৰণৰ বাবে নাৰিকলি মন্দিৰত আহি চাকি বন্তি, ধূপ নৈবদ্য আগবঢ়াই। সকলো ভক্তইমনত আশা লৈ আহে যে এই মন্দিৰত চাকি বন্তি জ্বলালে সকলো আশা পূৰণ হয়।
দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঐতিহাসিক শিৱসাগৰ শিৱদৌলত ১৪ ফেব্ৰুৱাৰীৰ পৰাই অনুষ্ঠিত হৈছে শিৱৰাত্ৰি। মহাদেৱ শিৱক আৰাধনা কৰা পৃথিৱীৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ স্থান হিচাপেও জনা যায় ঐতিহাসিক শিৱদৌলক। আহোম শাসনৰ সময়ত নিৰ্মাণ কৰা ঐতিহাসিক শিৱদৌলৰ যথেষ্ট তাৎপৰ্য আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱদৌল চাবলৈ পৰ্যটকসকল আহে। আৰু শিৱৰাত্ৰি আহিলে দেশৰ ভিতৰতে ব্যতিক্ৰম হৈ জিলিকি উঠে শিৱদৌল। এইকেইটা দিনত লাখ লাখ ভক্তই ভিৰ কৰিব শিৱদৌলত। বিগত সময়ৰ দৰে এইবাৰো ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৮ ফ্ৰেব্ৰুৱাৰীলৈকে পাঁচ দিনীয়াকৈ মহা শিৱৰাত্ৰিৰ আয়োজন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-ima-2026-02-15-09-32-07.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us