ঐতিহাসিক শিৱদ’লত শিৱৰাত্ৰি

আহোম যুগত নিৰ্মিত শিৱসাগৰৰ  শিৱদ’লত অনুষ্ঠিত হৈ থকা শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি মেলাক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰ জনসমুদ্ৰত পৰিণত হয় ৷

author-image
Asomiya Pratidin
New Update
143

ডিজিটেল সংবাদ, শিৱসাগৰ : আহোম যুগত নিৰ্মিত শিৱসাগৰৰ  শিৱদ’লত অনুষ্ঠিত হৈ থকা শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি মেলাক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰ জনসমুদ্ৰত পৰিণত হয় ৷ শিৱৰাত্ৰি মেলাৰ আজি চতুৰ্থ দিনটোত পুৱাৰে পৰা নিশালৈকে ঐতিহাসিক চহৰখনৰ বাটপথ লোকে লোকাৰণ্য হৈ পৰে ৷ জনসমাগমৰ বাবে জিলা আৰক্ষী প্ৰশাসনে শিৱসাগৰ চহৰৰ বাবুপট্টিৰ পৰা ৰাজ্যিক পৰিবহণ নিগম তিনিআলিলৈ আৰু মুক্তিনাথ চাৰিআলিৰ পৰা দ’লৰ দিশে এই পথ সৰুবৰ যান-বাহনৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰি দিয়ে ৷ 

WhatsApp Image 2026-02-17 at 9.39.56 PM

আজি পুৱতি নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেৱাদিদেৱ শিৱক পূজা অৰ্চনা কৰাৰ বাবে অহা হেজাৰ হেজাৰ পুৰুষ- মহিলাই লানিনিচিগা দীঘলীয়া শাৰীত ঘণ্টাৰ পিছত ঘণ্টা ধৰি থিয় দিব লগাত পৰে ৷ এই শাৰী ইমানেই দীঘলীয়া যে বিষ্ণু দ’লৰ সমীপৰ পৰা ভক্তসকল আগুৱাব লগাত পৰে ৷ 

শিৱদ’লৰ মূল প্ৰৱেশ পথটো ভক্তই দীঘলীয়া শাৰীত অৱতীৰ্ণ হ’বলগাত পৰে ৷ হেজাৰ হেজাৰ পুৰুষ মহিলাই দ’লৰ ভিতৰত প্ৰৱেশ কৰি শিৱপূজা সম্পন্ন কৰে যদিও আন হেজাৰ হেজাৰ পুৰুষ মহিলাই জনসমাগমৰ বাবে দ’লৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি দ’লৰ বাহিৰত বন্তি সহিতে ধূপ ধুনা জ্বলাই আৰাধ্য দেৱতা শিৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷

আজি নিশাৰ ভাগতো শিৱদ’ল চৌহদত ভক্তৰ ভীৰ তিলমানো কমা নাই ৷ ঐতিহাসিক শিৱদ’ল প্ৰাঙ্গণত পোন্ধৰ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰে পৰা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰম্ভ হৈছিল ৷ পুৰোহিতে এই পূজা-অৰ্চনা সম্পন্ন কৰিছে ৷ 

WhatsApp Image 2026-02-17 at 9.39.55 PM

আহোম যুগৰে পৰা পুৰুহিতে বংশানুক্ৰমে এই দ’লত পূজা সম্পন্ন কৰি আহিছে ৷ দ’ল উন্নয়ন পৰিষদে ভক্ত সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিয়োগ কৰা কেইবা শতাধিক  স্বেচ্ছাসেৱীয়ে দিনে নিশাই ভক্ত সকলক প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছে ৷

উল্লেখ্য যে স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী দৌপদ্ৰীয়ে বৃহৎ শিৱসাগৰ পুখুৰী খন্দাই তাৰ পাৰত নিৰ্মাণ কৰোৱা শিৱদ’ল উত্তৰ-পূৱৰ ভিতৰতেই ওখ আৰু বৃহৎ হিচাপে পৰিচিত ৷ আহোম যুগৰে পৰা শিৱদ’লত শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি আহিছে ৷ পূৰ্বতে শিৱৰাত্ৰিৰ সময়ত হিমালয় সহিতে অন্য অন্য স্থানৰ পৰা অনেক সন্যাসী শিৱসাগৰৰ শিৱদ’ললৈ আহিছিল ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ অনেক শিৱ সন্যাসীয়ে দ’ল চৌহদত অৱস্থান কৰিছে ৷ ইফালে শিৱৰাত্ৰি মেলাত জনসমাগমৰ বাবে মানুহ প্ৰৱেশ কৰিব নোৱৰা পৰিবেশৰ সৃষ্টি হৈছে ৷

দিল্লী  মহাৰাষ্ট্ৰ,  কলকতা, কৰ্ণাটক, কাশ্মীৰ, উৰিষ্যাকে আদিকৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ শতাধিক ব্যৱসায়ীয়ে মেলাত বিপনী খুলি বিভিন্ন সামগ্ৰী বিক্ৰী কৰিছে ৷ এইবাৰ মেলাত তিনিখন গ্ৰন্থ বিপনীয়ে ভাগ লৈছে ৷ ইয়াৰ  উপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে শিৱসাগৰ চহৰৰ পদপথৰ কাষত ব্যৱসায় আৰম্ভ কৰিছে ৷

WhatsApp Image 2026-02-17 at 9.39.54 PM

ঐতিহাসিক শিৱদ’লৰ  পিছফালৰ পাৰটোত মানুহে খোজকাঢ়ি অহাযোৱা কৰাৰ বাবে দহবাৰ চিন্তা কৰিব লগাত পৰিছে ৷ যিহেতু পুখুৰীৰ পাৰটোৰ দুয়োফালে বিপনীৰ ব্যৱস্থা কৰিছে ৷ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ খেলপথাৰটো শিৱৰাত্ৰি মেলা বহাৰ বাবে এই স্থানলৈ মানুহ যাব নোৱৰা পৰিবেশৰ সৃষ্টি হৈছে৷ শিৱসাগৰ চহৰৰ বাবুপট্টিৰ পৰা দ’লমুখ চাৰিআলি হৈ এ এচ টি চি তিনিআলি লৈকে পথটোৰ দুয়োকাষে শ শ ক্ষুদ্ৰ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী বিক্ৰী কৰাৰ বাবে এই অঞ্চলত খোজকঢ়াৰ বাবেও মানুহে চিন্তা কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে কাইলৈ অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীৰ নিশা শিৱৰাত্ৰি মেলা সামৰণি পৰিব ৷

শিৱৰাত্ৰি