‘এইবাৰ আমি চকীদাৰ…’

‘এইবাৰ আমি চকীদাৰ…’
  • মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সংবাদমেল।
  • 'মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰিব নোৱাৰিলেও হাৰ মনা নাই নাই বিজেপিয়ে।'
  • সংবাদমেলত এই মন্তব্য শিৱৰাজ সিং চৌহানৰ।
  • 'আমি ১০৯খন আসন লাভ কৰিছো, এয়া কম আসন নহয়।'
  • 'আমি বিৰোধী হিচাপে বলিষ্ঠ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত।'
  • 'ৰাজ্যখনৰ উন্নয়ন বাবে আমি পূৰ্ণ সমৰ্থন আৰু সহযোগ আগবঢ়াম।'
  • 'সহজকৈ ক'বলৈ গ'লে এইবাৰ আমি ৰাজ্যখনৰ চকীদাৰৰ দায়িত্ব গ্ৰহণ কৰিছো।'
  • সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন।
  • ১১ ডিচেম্বৰত এই নিৰ্বাচনৰ ফলাফল ঘোষণা হয়।
  • ৰাজ্যখনৰ মুঠ ২৩০খন বিধানসভা নিৰ্বাচনৰ ভিতৰত বিজেপিয়ে লাভ কৰে ১০৯ খন আসন।
  • ইয়াৰ বিপৰীতে ১১৪ খন আসন লাভেৰে চৰকাৰ গঠন কৰে কংগ্ৰেছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in