/asomiyapratidin/media/media_files/2025/08/08/sivasagar-2025-08-08-18-05-01.jpeg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ মিছা কথাৰে সমাজত অশান্তি বিয়পাব বিচৰা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আজি শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হোৱা নাগৰিক সভাত বিশিষ্ট নাগৰিক আৰু সাংবাদিকে উভতি ধৰে৷ যাৰ বাবে চলিহাই সভাথলী ত্যাগ কৰিবলৈ বাধ্য হয়৷
উল্লেখ্য যে শিৱসাগৰ জিলাৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন শিৱসাগৰবাসীয়ে আজি শিৱসাগৰ যুৱদলত এখন নাগৰিক সভা অনুষ্ঠিত কৰে। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা চক্ৰক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ যুৱদলত আয়োজন কৰা নাগৰিক সভাত বসন্ত গগৈয়ে শিৱসাগৰত কোনো কাৰণতেই স্বাৰ্থান্বেষী লোকক সমন্বয়ৰ ভেঁটিত কুঠাৰঘাত কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷
তদুপৰি তেওঁ কাৰোবাৰ আঙুলিৰ ইছাৰাত নচাসকলক সমাজ অশান্ত কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। এই সভাত শিৱসাগৰৰ সচেতন ৰাইজৰ লগতে কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ লোক উপস্থিত থাকে।
এই ৰাজহুৱা সভাত উপস্থিত হৈ শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা কাৰো কাম্য নহয় বুলি বক্তব্য কৰে৷ সভাত চলিহাই ভাষণ দি থকাৰ মাজতে তেওঁৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হয়।
কেইটিমান দিনৰ পূৰ্বে ৰংঘৰ চাৰিআলিত শৃংখল চলিহাৰ কৰ্মকাণ্ডক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা দোহাৰি শৃংখল চলিহাই প্ৰশ্ন উত্থাপন কৰে। ৰংঘৰ চাৰিআলিৰ জনসাধাৰণে দা, কুঠাৰ লোৱাৰ উপৰি তেওঁৰ বিৰুদ্ধে একাংশ মুছলমান লোকে ধৰ্মীয় শ্ল’গান দিয়া বুলি ব্যক্ত কৰে৷
তাৰ পিছতেই সভাৰ আহ্বায়ক তথা সাংবাদিক অনন্ত স্মিথে এইবোৰ মিছা কথা বুলি ব্যক্ত কৰে৷ সেইদিনা নিশা এপৰলৈকে ৰংঘৰ চাৰিআলিত কেইবাগৰাকীও সাংবাদিকৰ লগত অনন্ত স্মিথ নিজে উপস্থিত আছিল৷ কোনো যুৱকে দা, কুঠাৰ লোৱা নাই আৰু কোনো ধৰ্মীয় শ্ল’গান দিয়া নাই বুলি স্পষ্ট কৰি দিয়ে৷
সাংবাদিক তথা সভাৰ আহ্বায়ক ভৈৰৱ মুণ্ডাই ৰংঘৰ চাৰিআলিত তেনে কোনো পৰিবেশ সৃষ্টি হোৱা নাছিল আৰু তেওঁ নিজেও ৰংঘৰ চাৰিআলিত উপস্থিত আছিল বুলি মন্তব্য কৰে৷ তেওঁলোকৰ এই বক্তব্য প্ৰদানৰ পিছতেই সভাস্থলী ত্যাগ কৰে শৃংখল চলিহাই।
সভা ত্যাগ কৰি নাগৰিক সভা নিৰপেক্ষ হোৱা নাই বুলি অভিযোগ কৰে চলিহাই। বিশেষ এটা ৰাজনৈতিক দলৰ মানুহ সভাত বেছি আছে বুলি উল্লেখ কৰে৷ শৃংখল চলিহাই কয় এয়া নাগৰিক সভা নহয়, ৰাজনৈতিক সভাহে। পৰৱৰ্তী সময়ত আমি নাগৰিক সভা পাতিম, শিৱসাগৰৰ জ্যেষ্ঠ লোকসকলে নেতৃত্ব ল'ব।
এই সভাত পৰৱৰ্তী সময়ত শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে আহ্বান জনাই কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। সভাৰ শেষত এলানি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ইফালে, শৃংখল চলিহাই নাগৰিক সভা সন্দৰ্ভত কৰা অভিযোগ নসাৎ কৰিছে নাগৰিক সভাৰ আয়োজকসকলে। সভাই কোনো ৰাজনৈতিক দলক পক্ষপাতিত্ব কৰা নাই, থলগিৰী অসমীয়াৰহে পক্ষপাতিত্ব কৰিছো বুলি মন্তব্য কৰে অংকুৰণ ফুকনে।
আনহাতে চিতু বৰুৱা, শৃংখল চলিহা আৰু ইউনুছ তামূলীয়ে মিঞা সন্দৰ্ভত কৰা উচতনিমূলক বক্তব্যক নাগৰিক সভাই গৰিহণা দি পৰৱৰ্তী সময়ত কাকো উচতনিমূলক বক্তব্য প্ৰদান নকৰিবলৈ সকিয়নি প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।
আনহাতে আজিৰ নাগৰিক সভাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মোৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত মিঞা খেদা আন্দোলন হৈছে বুলি কৰা মন্তব্যৰো গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই সমূহ অসমৰ খিলঞ্জীয়াক অখিলঞ্জীয়া লোকক মাটি বিক্ৰী নকৰিবলৈও আহ্বান জনাই প্ৰস্তাৱ লয়।
স্মৰ্তব্য, মিঞা খেদা আন্দোলনে বিগত কেইবাদিনো ধৰি উজনি অসমৰ লগতে শিৱসাগৰৰ পৰিৱেশ উত্তাল কৰি ৰাখিছে। এনে পৰিৱেশৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ শান্তি সম্প্ৰীতিৰ পৰিৱেশ যাতে বিঘ্নিত নহয়, তাৰ পৰিপ্ৰেক্ষিতত আহ্বান কৰা হৈছিল এই নাগৰিক সভাৰ।