মহাদেৱক আৰাধনা কৰিবলৈ মহাভৈৰৱ মন্দিৰত ভক্তৰ ভিৰ

মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰত ভক্তৰ সমাগম হোৱা দেখা দৈছে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 2.34.49 PM

ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি ৷ এইবাৰ শিৱৰাত্ৰিৰ মূহুৰত দুদিনীয়াকৈ পৰিছে ৷ আজি বিয়লি ৪ বাজি ১৪ মিনিটৰ পৰা আৰম্ভ হৈ সোমাবাৰৰ সন্ধিয়ালৈকে শিৱৰাত্ৰিৰ শুভ মূহুৰত থাকিব ৷

WhatsApp Image 2026-02-15 at 2.30.36 PM

ইফালে আজি মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰত ভক্তৰ সমাগম হোৱা দেখা দৈছে ৷ বাদ পৰি ৰোৱা নাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰো। ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰাই ভিৰ কৰিলে মন্দিৰত ৷ বাণৰজাই স্থাপন কৰা মহাভৈৰৱ মন্দিৰ এছিয়াৰ দ্বিতীয় বৃহৎ শিৱলিঙ্গ ৷ ধূপ-দ্বীপ, নৈব্যদৰ লগতে ভক্তসকলে গাখীৰ, পানী, ঘীউ, মৌ আদিৰে শিৱ লিংগত অভিশেষ কৰিছে ৷ লগতে মহাদেৱৰ চৰণত ভাং, ধতুৰা আদি আগবঢ়ায় তেওঁক সন্তুষ্ট কৰা দেখা গৈছে ৷ যদিও আজি বিয়লি ৪ বাজি ৪৮ মিনিটত শিৱ চতুৰ্দশী তিথি সূচিত হৈছে কিন্তু পুৱাৰে পৰাই হাজাৰোধিক ভক্তৰ সমাগম হৈছে মহাভৈৰৱ মন্দিৰত৷

WhatsApp Image 2026-02-15 at 2.30.58 PM

তেজপুৰ