/asomiyapratidin/media/media_files/2025/10/13/1-2025-10-13-16-20-43.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বিশেষ তদন্তকাৰী গোটে। এই তদন্ত অব্যাহত থকাৰ মাজতে বিশেষ তদন্তকাৰী গোটে এক ডাঙৰ সফলতা লাভ কৰিছে।
জানিব পৰা মতে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে উদ্ধাৰ কৰিছে অমৃতপ্ৰভা মহন্তৰ মোবাইলত ৰেকৰ্ড হোৱা জুবিনৰ সাগৰৰ অন্তিম মুহূৰ্তৰ সকলো ভিডিঅ’। ইতিমধ্যে সামাজিক মাধ্যমত ৱেব ছিৰিজৰ দৰে খণ্ড খণ্ডকৈ কেইবাটাও ভিডিঅ’ প্ৰচাৰ হৈছিল যদিও সম্পূৰ্ণ ভিডিঅ’ পোহৰলৈ অহা নাছিল।
অন্যহাতে এই ভিডিঅ’সমূহে পাছত অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰাও ডিলিট হোৱা বুলি জানিব পৰা গৈছিল। অমৃতপ্ৰভাই সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে সেই ভিডিঅ’ ডিলিট কৰিছিল বুলি এছ আই টিৰ জেৰাত প্ৰকাশ কৰিছিল।
জানিব পৰা মতে শেহতীয়াকৈ এছ আই টিয়ে অমৃতপ্ৰভাৰ মোবাইলৰ পৰা ডিলিট হোৱা সেই সম্পূৰ্ণ ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তদন্তৰ ক্ষেত্ৰত এই ভিডিঅ’সমূহ বিশেষ সহায়ক হ’ব।