/asomiyapratidin/media/media_files/2025/09/24/hhhd-2025-09-24-23-23-05.jpg)
ডিজিটেল ডেস্কঃ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী গোটৰ পৰা বাদ দিয়া হ'ল সন্দীপন গাৰ্গৰ ঘনিষ্ঠ মহিলা বিষয়াগৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১০জনীয়া তদন্তকাৰী গোটৰ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধানে অতি শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত আছে ৯জনহে বিষয়া। ইয়াত নাম নাই সন্দীপন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ পৰিমিতা সৰকাৰৰ।
উল্লেখ কৰা প্ৰয়োজন যে, পৰিমিতা সহকাৰৰ নাম তদন্তকাৰী গোটত চামিল কৰাৰ পিছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। SITৰ ১০ জনীয়া তালিকাত নাম আছিল নগাঁৱৰ DSP পৰিমিতা সৰকাৰৰ।পৰিমিতা সৰকাৰ সহপাঠী আছিল সন্দীপন গাৰ্গৰ। সকলোৱে জানে যে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লগত আছিল সন্দীপন গাৰ্গ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/97f78af6-82b7-49f9-94f9-ef7098fe3063-2025-09-24-23-20-01.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us