/asomiyapratidin/media/media_files/2025/10/14/ujjjd-2025-10-14-10-41-12.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এছ আই টিৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিছে ১৫গৰাকীৰ ভিতৰত ৭গৰাকী ব্যক্তিয়ে। আমন্ত্ৰণ প্ৰত্যাখান কৰাৰ তালিকা আৰু অধিক বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। এতিয়ালৈকে এছ আই টিৰ আমন্ত্ৰণ প্ৰত্যাখান কৰা ব্যক্তিসকল হৈছে- আছুৰ ড॰ সমুজ্জল ভট্টাচাৰ্য, উতপল শৰ্মা আৰু সমীৰণ ফুকন।
জুবিনৰ সৈতে একেলগে থকা তথা কাম কৰা ৰাহুল গৌতম শৰ্মাইও নোযোৱাৰ কথা সদৰি কৰিছে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ দেৱচৌধুৰীয়েও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে। সাংবাদিক-সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই সোমবাৰে নিশাৰ ভাগতে এছ আই টিৰ আমন্ত্ৰণ প্ৰত্যাখান কৰাৰ কথা সদৰি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, অসম আৰক্ষীৰ অতিথিশালাত হ’ব এই আলোচনা। মঙলবাৰে বিয়লি ৪বজাত আয়োজন কৰা হৈছে এই বিশেষ বৈঠকৰ।