/asomiyapratidin/media/media_files/2025/10/14/rffff-2025-10-14-08-42-36.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত এছ আই টিয়ে সোমবাৰে ৰাজ্যৰ ১৩গৰাকীৰো অধিক লোকক এক বিশেষ বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছিল। ইয়াৰ ভিতৰত আছিল আছুৰ লগতে বহুকেইজন সাহিত্যিক, সাংবাদিক। এছ আই টিৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
সমগ্ৰ অসম জুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি আছু নেতৃত্বই এই বৈঠকত অংশ নোলোৱাৰ কথা ঘোষণা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই লিখিতভাৱে ৰাজহুৱা কৰিছে তেওঁলোকৰ স্থিতি। এছ আই টিৰ বৈঠকলৈ ছাত্ৰ সন্থাৰ কোনো প্ৰতিনিধি নাযায় আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে নিজৰ পক্ষে সুবিধা লৈ যাতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি ৰাজহুৱা কৰিছে আছুৱে।
ইফালে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও এই বৈঠকত অংশ নোলোৱাৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, অনুৰাধা শৰ্মা পূজাৰী,মনোজ কুমাৰ গোস্বামী, ৰাহুল গৌতম শৰ্মা, সঞ্জীৱ ফুকন, শ্যমন্তক গৌতম, শিৱানু বৰা, প্ৰাঞ্জল শইকীয়া, ডা: হিতেশ বৰুৱা, জাৰিৰ হুছেইন, অতনু ভূঞাকে ধৰি বহুকেইজনক এই আলোচনালৈ আমন্ত্ৰণ জনোৱা হৈছে।