এছ আই টিয়ে দাখিল কৰা অভিযোগনামাক লৈ সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ...

জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।  শুকুৰবাৰৰ দিনটোত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।  শুকুৰবাৰৰ দিনটোত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত থকা গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে,  আমি বিচৰা ধৰণে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। এছ আই টিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 

তেওঁ লগতে কয় যে, ভাৱিলে আচৰিত লাগে এনেকুৱা এগৰাকী মানুহৰ লগত কিয় এনে ষড়যন্ত্ৰ কৰা হ'ল। সকলোবোৰ আনৰ মাজতেই বিলাই দিয়াৰ মানসিকতা ৰখা মানুহগৰাকীৰ লগত এনে কিয় কৰা হ'ল, সেই কথাবোৰেই মোক সদায়ে আমনি কৰে।

ইফালে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও ছাৰ্জশ্বিটক লৈ কয় যে, অভিযোগনামাত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। ভাৱিলেই আমাৰ বুকু কপিঁ উঠে। বহু ডাঙৰ এখন ছাৰ্জশ্বিট দাখিল কৰা হৈছে। আমি আশাবাদী যে আমি ন্যায় পাম। 

জুবিন গাৰ্গ