/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-21-54-01.jpg)
ডিজিটেল সংবাদ,চিচিবৰগাঁওঃ আজি আবেলি প্ৰায় চাৰি বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিচি বৰগাঁও আৰক্ষী চকীৰ সমীপৰ পুকীয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই এখন এল্টো K-10 গাড়ীয়ে পথৰ দাঁতিৰ এজোপা চতিয়না গছত খুন্দা মাৰে ।
ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনে গছজোপাত খুন্দা মাৰি প্ৰায় তিনি মিটাৰ ওপৰলৈকে গছজোপাৰ ওপৰলৈ উঠি যায় । জানিব পৰা অনুসৰি গাড়ীখন ধেমাজিৰ পৰা জোনাইলৈ গৈ আছিল ।
ঘটনাটোত গাড়ীখনত থকা মঞ্জুলা সোণোৱাল, চৰেমাই বৰদলৈ, দমি বৰদলৈ, বিপুল চন্দ্ৰ বৰদলৈকে ধৰি চাৰিজন যাত্ৰীৰ আটাইকেইজন কম-বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় ।
আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ চিচি বৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইয়াৰে মঞ্জুলা সোণোৱালৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us