প্ৰভাত গোস্বামীলৈ ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা

প্ৰভাত গোস্বামীলৈ ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা
Published on
Updated on

ডিজিটেল সংবাদ,নগাওঁ: অসমীয়া ভাষাত শিশুসকলৰ বাবে সৰ্বাধিক নাটক ৰচনা কৰা নাট্যকাৰজনেই হৈছে প্ৰভাত গোস্বামী। হাতী ঐ হাতী, বিপদৰ বন্ধু, বাটৰ বিহু, কাননবালা, সকলোৱে একেলগে, ভাবি চাবা সকলো একেই, আৰু এজনী আই, হুল, চিকাৰ, প্ৰতিফলন, পথবন্ধ, কৰ্মফল, মকৰা, সৰস্বতী পূজাৰ আগদিনা, শিশুৰ উপযোগী পূৰ্নাংগ নাট জলদস্যু আৰু মইনা চৰাই, শেষ নোহোৱা সাধু, অৰণ্যৰ সাধু, ঐ শুকান পাহাৰ, ভূতৰ পোৱালি, ভজা খোৱা ৰজা, ঐ অজগৰ গিলিবি নেকি?, বাণীৰ লাগিছে ভোক, বটলৰ অসুৰ আদি অৰ্ধ শতাধিক শিশু নাট ৰচনা আৰু পৰিচালনা কৰি মঞ্চস্থ কৰিছে প্ৰভাত গোস্বামীয়ে।

১৯৭৮ চনত দৈনিক জনমভূমিত গল্প লেখক হিচাপে আত্ম প্ৰকাশ কৰা প্ৰভাত গোস্বামীৰ শিশু উপযোগী উপন্যাস সপোনৰ দেশত কণমানি, ককাৰ ঘোঁৰা হেৰাল, বাৰ্কলে চাহাবৰ বঙলা আদি। প্ৰায় ২০খনৰো অধিক শিশু উপন্যাস আৰু ১১খন চুটি সাধুকথাৰ পুঁথি ৰচনা কৰা শিশু পাঠকসকলৰ মাজত তেখেত জনপ্ৰিয়।

তেখেতে আমাৰ চৌপাশৰ বিভিন্ন চৰিত্ৰবোৰ তুলি আনি মানৱ প্ৰেম আৰু প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাৰে অতি সৰল, সহজ কৰি আধুনিক আৰু বাস্তৱৰ লগত মিলাই শিশুসকলৰ বোধগম্য কৰি নাটসমূহত তুলি ধৰিছে। এয়া তেখেতৰ অন্য এক কৌশল।

জনপ্ৰিয় শিশু আলোচনী "মৌচাক"ৰ জৰিয়তে শিশু সাহিত্যিক হিচাপে আত্ম প্ৰকাশ কৰা প্ৰভাত গোস্বামীৰ জন্ম হয় ১৯৫০ চনত, যোৰহাট জিলাৰ কাকজানৰ বনগাঁৱত। কেৱল শিশু সাহিত্যিক হিচাপেই নহয়, তেখেতৰ দ্বাৰা ৰচিত ৫০খনৰো অধিক নাটক আৰু বোলছবিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অসম সাহিত্য সভাকে কেন্দ্ৰ কৰি বহু অনুষ্ঠানৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

তেখেতে অসমৰ বিভিন্ন ঠাইত অনুস্থিত শিশু-সাহিত্য কৰ্মশালাবোৰত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি এচাম নতুন লেখক সৃষ্টিতো গুৰুত্ব প্ৰদান কৰি আহিছে। বিশ্ব সাহিত্যত নাটকৰ স্থান উচ্চ কিন্তু অসমীয়া সাহিত্যত সদায় গুৰুত্বহীন। সেয়ে অকণিৰ সাহিত্য সভাই ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটাৰ বাবে প্ৰভাত গোস্বামীক নিৰ্বাচন কৰা হৈছে বুলি অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই আজি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

তেখেতৰ ইতিমধ্যে প্ৰকাশিত গ্ৰন্থ নাট্যকৰ্মীৰ হাত পুঁথি, শিশু সাহিত্য ৰচনাৰ আদি পাঠ, শিশু নাট ৰচনা পৰিচালনা আৰু অভিনয়,তিনিটা খণ্ডত ৮০খন নাটকৰ সংকলন,জনপ্ৰিয় উপন্যাস নিবেদিতা গাৰ্লছ হোষ্টেল,খামপাট গাভৰু,অভিনেত্ৰীৰ দিনলিপি,নিষিদ্ধ স্পৰ্শ,স্বাধীনতাৰ চোলা পিন্ধা মানুহজন,লাঙছিংখাম,শুকুলা হাতীৰ খোজ, অন্তৰ্যুদ্ধ,কেঞ্চাৰৰ কেলেণ্ডাৰ তুমি,মন্ত্ৰীৰ ঘৰত কদোৱা,ব্যঙ্গ গল্গ সংকলন চৰকাৰী উগ্ৰপন্থী আদিকে ধৰি পঞ্চাছখনৰো অধিক গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে বিভিন্ন সংবাদ পত্ৰ আলোচনীত এহেজাৰৰো অধিক ব্যঙ্গ গল্প সিঁচৰতি হৈ আছে। এই বৰ্ষৰ শেষৰ ফালে তেজপুৰত তেখেতলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি অকণিৰ সাহিত্য সভাৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

প্ৰভাত গোস্বামীলৈ ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা
খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in