New Update
/asomiyapratidin/media/media_files/2025/09/24/ujjjss-2025-09-24-22-12-09.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মেনেজাৰ হৈ সোঁৱে-বাঁৱে সম্পত্তিৰ পাহাৰ গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই। ইতিমধ্যে সেই বিষয়সমূহ ৰাজহুৱা হৈছে বিভিন্ন মাধ্যমত। কিন্তু এনে সময়তে লখৰাত থকা ৰ’য়েল হেৰিটেজ হোটেলখন সিদ্ধাৰ্থ শৰ্মাৰ নামত থকা বুলি ওলোৱা চৰ্চাক নস্যাৎ কৰিছিল হোটেল কৰ্তৃপক্ষই।
হোটেলখনৰ একমাত্ৰ মালিক ডিম্পল কৌৰ বুলি ৰাজহুৱা কৰি বিগত ১১ মাহৰ পৰা সিদ্ধাৰ্থ শৰ্মাই হোটেলৰ মাৰ্কেটিং চোৱাচিতা কৰিছিল বুলিহে স্পষ্ট কৰিছিল হোটেলখনৰ বিষয়ববীয়াই। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ প্ৰতিদিনৰ হাতত পৰিছেহি বিস্ফোৰক তথ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/fffffffffffff-2025-09-24-22-04-06.jpg)
এক চক্ৰই এই হোটেলখন সিদ্ধাৰ্থৰ নহয় বুলি যি প্ৰচাৰ চলাইছিল, সেয়া যে সম্পূৰ্ণ মিছা তাৰ তথ্য শেহতীয়াকৈ আমাৰ হাতত পৰিছেহি। প্ৰাপ্ত তথ্য অনুসৰি ৰয়েল হেৰিটেজ নামৰ হোটেলখনৰ বৰ্তমানৰ মালিকীস্বত্ব আছে তিনিগৰাকী লোকৰ হাতত। তাৰে এগৰাকী অন্যতম মালিক হৈছে সিদ্ধাৰ্থ।
এই হোটেলখনৰ মালিকীস্বত্ব গ্ৰহণৰ কাগজ-পত্ৰ সকলো হৈছিল ২০২৪চনৰ ১ছেপ্টেম্বৰত। বিকাশ আগৰৱাল, প্ৰদীপ খৈতান আৰু সিদ্ধাৰ্থ শৰ্মাই গ্ৰহণ কৰিছিল এই মালিকীস্বত্ব। মালিকীস্বত্ব প্ৰদানৰ এই সমগ্ৰ প্ৰক্ৰিয়াত থাৰ্ড পাৰ্টি হিচাপে জড়িত আছিল সিদ্ধাৰ্থ।
/fit-in/580x348/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/ndnjjdjd-2025-09-24-22-04-18.jpg)
হোটেলখনৰ মালিকস্বত্বৰ ১০০শতাংশৰ ভিতৰত ৫০শতাংশ শ্বেয়াৰ আছিল বিকাশ আগৰৱালৰ। ইয়াৰ পিছতে ২৫শতাংশ শ্বেয়াৰ আছিল প্ৰদীপ খৈতানৰ আৰু আন ২৫শতাংশ শ্বেয়াৰ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ নামত আছিল। ১ছেপ্টেম্বৰ, ২০২৪ত এই কাগজ-পত্ৰ হৈ যোৱাৰ পাছত ১৩ছেপ্টম্বৰ, ২০২৪ত এই হোটেলখন চমজি লৈছিল এই তিনিগৰাকী নতুন মালিকে।
হোটেলখনৰ মালিকীস্বত্ব হস্তান্তৰ প্ৰক্ৰিয়া সমাপন কৰিছিল দণ্ডাধীশ জেউতি কলিতাই। বিলাসী এই হোটলখনত আছে বিয়া-সভাৰ বাবে মুকলি প্ৰেক্ষাগৃহ, ৰেষ্টুৰেন্ট আৰু বাৰ। হোটেল কৰ্তৃপক্ষ আৰু এক অদৃশ্য শক্তিয়ে সিদ্ধাৰ্থৰ কুকৰ্ম লুকুৱাবলৈ চেষ্টা কৰিছে যদিও লাহে লাহে পোহৰলৈ আহি আছে সকলো কথা।
/fit-in/580x348/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/uujj-2025-09-24-22-04-33.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us