আহিল ইণ্ডিগ'ৰ বিমানত! বুধবাৰে মাজনিশাই গুৱাহাটীত সোমাল সিদ্ধাৰ্থ...

জুবিনৰ কাষত থাকি দুহাতে সম্পত্তিৰ পাহাৰ গঢ়া মেনেজাৰ সিদ্ধাৰ্থ অসম পালেহি। গুৱাহাটীতেই আত্মগোপন কৰি আছে সিদ্ধাৰ্থ শৰ্মা। বুধবাৰৰ মাজ নিশা ইণ্ডিগ'ৰ বিমানযোগে বৰঝাৰ বিমান বন্দৰত নামি গুৱাহাটীৰ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ জুবিনৰ কাষত থাকি দুহাতে সম্পত্তিৰ পাহাৰ গঢ়া মেনেজাৰ সিদ্ধাৰ্থ অসম পালেহি। গুৱাহাটীতেই আত্মগোপন কৰি আছে সিদ্ধাৰ্থ শৰ্মা। বুধবাৰৰ মাজ নিশা ইণ্ডিগ'ৰ বিমানযোগে বৰঝাৰ বিমান বন্দৰত নামি গুৱাহাটীৰ অজ্ঞাত স্থাপন আত্মগোপন কৰি আছে জুবিনৰ এই মেনেজাৰগৰাকী।

ইতিমধ্যে সিদ্ধাৰ্থৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপিত হৈছে। ছিংগাপুৰত এগৰাকী মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ অমনোযোগিতাৰ কথা ভিন্ন ভিডিঅৰ মাধ্যমেৰে পোহৰলৈ আহিছে। সিদ্ধাৰ্থক লৈ সমগ্ৰ অসমবাসী ক্ষোভিত হৈ থকাৰ বাবে জুবিনৰ শেষ যাত্ৰাত উপস্থিত থকা নাছিল সিদ্ধাৰ্থ। কিন্তু বুধবাৰে নিশা  ইণ্ডিগ’ ফ্লাইটৰ 20D আসনত বহি সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত সোমাল৷ বিমান যাত্ৰীৰ তালিকাৰ পৰীক্ষাত নিশ্চিত হ’ল এই তথ্য৷

সিদ্ধাৰ্থৰ উপৰিও বৃহস্পতিবাৰে নিশা গুৱাহাটীত শ্যামকানু মহন্তও উপস্থিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই দুয়োগৰাকীক বুধবাৰৰ দিনটোতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে শ্যামকানুৰ গুৱাহাটীৰ গীতানগৰস্থিত ঘৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। 

জুবিন গাৰ্গ