/asomiyapratidin/media/media_files/2025/09/29/phone-sdss-2025-09-29-19-16-43.jpg)
ডিজিটেল ডেস্কঃ সময় কমি আহিছে। মাজত মাত্ৰ দুটা দিন। এই দুটা দিনৰ ভিতৰত তদন্তকাৰী আৰক্ষীৰ হাতত ধৰা দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থে। ইতিমধ্যে শ্যামকানুৱে আৰক্ষীৰ সৈতে মধ্যস্থতাকাৰীৰ সহযোগত যোগাযোগ কৰিছে। তাৰ পিছতেই ফেচবুকত অচিৰেই তেওঁ আত্মসৰ্মপণ কৰাৰ কথা সদৰি কৰিছে।
আনফালে মেনেজাৰ সিদ্ধাৰ্থৰ অৱস্থিতিও ধৰা পেলাইছে আৰক্ষীয়ে। কিন্তু অতি চালাক সিদ্ধাৰ্থে স্থান সলনি কৰি থকাৰ বাবে নিৰ্দিষ্ট স্থান ট্ৰেকিং কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই অৱগত কৰিছে যে, সিদ্ধাৰ্থে দিল্লী, ৰাজস্থান আৰু হাৰিয়ানাৰ ভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে।
এই তিনিখন ৰাজ্যৰ কোনোবা স্থানত হঠাতে ফোন অন কৰি হোৱাটছ এপত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰিছে যদিও তাৰ পিছতে ফোন বন্ধ কৰি সলনি কৰিছে স্থান। যাৰ বাবে কিছু বিবুধিত পৰিছে অসম আৰক্ষী। ইফালে জুবিনৰ মোবাইল ফোনটোও যোৱা ২১ছেপ্টেম্বৰৰ পৰাই বন্ধ কৰি ৰাখিছে সিদ্ধাৰ্থে। যাৰ বাবে উক্ত ফোনটোৰ অৱস্থিতিও ধৰা পেলাব পৰা নাই আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিনৰ ফোনটো সিদ্ধাৰ্থৰ হাতত থকা বুলি সদৰি কৰিছিল জুবিনৰ ভাতৃ সন্দীপন গাৰ্গে। প্ৰাপ্ত তথ্য অনুসৰি, অচিৰেই আৰক্ষী বিষয়া সন্দীপনকো জেৰা কৰিব চি আই ডিয়ে। জুবিনৰ ছিংগাপুৰ যাত্ৰাৰ লগতে উক্ত অভিশপ্ত দিনটোত জুবিনৰ সৈতে একেলগে আছিল সম্বন্ধীয় ভাতৃ সন্দীপন।
আনফালে শ্যামকানুৱে অগ্ৰিম জামিন বিচাৰি বহিঃৰাজ্যৰ অধিবক্তাৰ সহায় বিচৰাও তথ্যও সম্পূৰ্ণ ভিত্তিহীন বুলি্ দাবী কৰিছে আৰক্ষীৰ এই উচ্চস্তৰীয় সূত্ৰটোৱে। দিল্লীৰ কোনো এজেন্সী তথা অধিবক্তাই শ্যামকানুৰ আইনী নথি পত্ৰ তদন্তকাৰী সংস্থাৰ পৰা সংগ্ৰহ কৰা নাই বুলি জনাইছে অসমীয়া প্ৰতিদিন ডিজিটেলক।